ETV Bharat / state

মিছামুখত আগ্নেয়াস্ত্ৰৰে সজ্জিত দুৰ্বৃত্তৰ ডকাইতিৰ চেষ্টা - মিছা আৰক্ষী চকী ঘেৰাও

কলিয়াবৰ মিছাত ডকাইতিৰ চেষ্টা ৷ মিছাৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত এখন গহণালয়ৰ স্বত্বাধিকাৰীক আগুচি ধৰি ডকাইতিৰ চেষ্টা ছয় দুৰ্বৃত্তৰ ৷ অভিযুক্ত দুৰ্বৃত্ত কেইজন আগ্নেয়াস্ত্ৰৰে সজ্জিত হৈ অহাৰ অভিযোগ ৷ দুৰ্বৃত্তক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাত আৰক্ষীৰ হেমাহিৰ অভিযোগ ৷ মিছা আৰক্ষী চকী ঘেৰাও ৷

attempt of dacoity at misa in kaliabor
মিছামুখত আগ্নেয়াস্ত্ৰৰে সজ্জিত দুৰ্বৃত্তৰ ডকাইতিৰ চেষ্টা
author img

By

Published : Dec 15, 2020, 8:15 AM IST

নগাঁও, 15 ডিচেম্বৰ: কলিয়াবৰৰ মিছামুখত আগ্নেয়াস্ত্ৰৰে সজ্জিত হৈ অহা দুৰ্বৃত্তই ডকাইতিৰ চেষ্টা চলোৱা এক ঘটনা সংঘটিত হৈছে ৷ নিজ ঘৰলৈ উভতাৰ পথত মিছাৰ এখন গহণালয়ৰ স্বত্বাধিকাৰী নিখিল মণ্ডলক বন্দুকৰ ভয় দেখুৱাই দুৰ্বৃত্তৰ দলটোৱে ডকাইতিৰ চেষ্টা কৰে বুলি জানিব পৰা গৈছে ৷

দুৰ্বৃত্তক উচিত শাস্তি প্ৰদানৰ দাবীৰে স্থানীয় ৰাইজৰ মিছা আৰক্ষী চকী ঘেৰাও

ঘটনাৰ বিৱৰণী অনুসৰি নিখিল মণ্ডলে মিছাৰ নিজ প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ উভতি যোৱাৰ বাটত দুৰ্বৃত্তই আগুছি ধৰি লগত নিয়া মূল্যবান অলংকাৰ আৰু ধন দাবী কৰে ৷ মণ্ডলে সেইয়া দিবলৈ অস্বীকাৰ কৰাত দুৰ্বত্তৰ দলটোৰ এজনে শূণ্যলৈ গুলিচালনা কৰি ভয় দেখুৱায় ৷ ইয়াৰ পাছতে মণ্ডলে চিঞৰ বাখৰ কৰাত কাষৰ লোকসকল ওলাই অহাত পুনৰ শূণ্যলৈ গুলিচালনা কৰি ডকাইতৰ দলটো পলায়ন কৰে ৷ অভিযোগ অনুসৰি তিনিখন মটৰচাইকেলত ছয় গৰাকীকৈ দুৰ্বৃত্ত আহি ডকাইতিৰ কাণ্ড সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল ৷

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে তিনিগৰাকী অভিযুক্তক কৰায়ত্ব কৰিছে যদিও দুৰ্বৃত্ত কেইগৰাকীক ক'ত কেনেকৈ ৰাখিছে সেই সম্পৰ্কে কোনো তথ্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে দুৰ্বৃত্ত আৰু আৰক্ষীৰ মাজত গোপন বুজাবুজি থকাৰ অভিযোগ কৰিছে ৷ ক্ষোভিত ৰাইজে দুৰ্বৃত্তক উচিত শাস্তি প্ৰদানৰ দাবীৰে মিছা আৰক্ষী চকী ঘেৰাও কৰাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ তেওঁ জানিবলৈ দিয়ে যে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷ অধিক তদন্তৰ পাছতহে ঘটনা সন্দৰ্ভত সবিশেষ তথ্য লাভ কৰিব পৰা যাব বুলিও তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.