ETV Bharat / state

ASTC employee protest: নগাঁৱতো ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদ - অসম ৰাজ্যিক পৰিবহন নিগম

ASTCৰ 771 গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ বিৰুদ্ধে আজি ৰাজ্যৰ ASTC কাৰ্যালয়ে কাৰ্যালয়ে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ বক্ৰপথেৰে চাকৰি গ্ৰহণ কৰাৰ অভিযোগ এই 7 শতাধিক কৰ্মচাৰীৰ বিৰুদ্ধে (ASTC worker protest) ৷

ASTC employee protest
ASTC employee protest
author img

By

Published : Jun 1, 2023, 7:24 PM IST

নগাঁৱতো ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদ

নগাঁও, 1 জুন: বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত চাকৰিৰ পৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ 771 গৰাকী কৰ্মচাৰীক অব্যাহতি দিয়াক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বুধবাৰে এক নিৰ্দেশনাযোগে অব্যাহতি দিয়া হয় এই 771গৰাকী কৰ্মচাৰীক ৷ ইয়াৰ পাচতেই হাহাকাৰ লাগে অসম পৰিবহন নিগমৰ কাৰ্যালয়ত (ASTC employee protest) ৷

মাত্ৰ এখন জাননী জাৰি কৰিয়েই এই 7 শতাধিক কৰ্মচাৰীক অব্যাহতি দিয়াৰ বিৰুদ্ধে আজি জিলাই জিলাই ASTC কৰ্মচাৰীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ নগাঁৱতো পৰিবহন নিগমৰ কাৰ্যালয়ত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে কৰ্মচাৰীসকল (ASTC employees fired from Job) ৷

উল্লেখ্য যে এই 771 গৰাকী কৰ্মচাৰীৰ ভিতৰত আছে নগাঁও জিলাৰ 37 গৰাকী কৰ্মচাৰী ৷ এইসকল কৰ্মচাৰীকো অবৈধ নিযুক্তিৰ দোহাই দি দিয়া হৈছে অব্যাহতি ৷ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ জৰিয়তে বহিস্কৃত কৰ্মচাৰীসকলে তেওঁলোকক পুনৰ চাকৰিত মকৰলৰ দাবী উত্থাপন কৰে ৷ ASTCৰ কৰ্মচাৰীসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীত সমাজকৰ্মী মোলান লস্কৰ, দুলাল বৰা আৰু বিৰিঞ্চি বৰাই অংশ গ্ৰহণ কৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক সমালোচনা কৰে (ASTC recruitment scam) ।

উল্লেখ্য যে, অসম ৰাজ্যিক পৰিহন নিগমত 774 গৰাকী স্থায়ী কৰ্মচাৰী থকাৰ লগতে 2123 গৰাকী অস্থায়ী কৰ্মচাৰী আছে । 2123 গৰাকী অস্থায়ী কৰ্মচাৰীৰ ভিতৰত 771 গৰাকী কৰ্মচাৰীক নীতিবৰ্হিভূতভাৱে চাকৰি লোৱা বুলি চাকৰিৰ পৰা অব্যাহতি দিয়া হয় । অব্যাহতি দিয়া কৰ্মচাৰীসকলৰ ভিতৰত 294 গৰাকী সুৰক্ষা সহায়ক, 227 গৰাকী মেকানিক, 145 গৰাকী কাৰ্যালয় সহায়ক, 74 গৰাকী কম্পিউটাৰ পদত, 7 গৰাকী ইঞ্জিনিয়াৰ আৰু 81 গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে । IAS বিষয়া তথা অসম পৰিবহন নিগমৰ পূৰ্বৰ অধ্যক্ষ আনন্দ প্ৰকাশ তিৱাৰীৰ (Anand Prakash Tiwari) আমোলত সংঘটিত হৈছিল ব্যাপক নিযুক্তি কেলেংকাৰী ৷

লগতে পঢ়ক: ASTC employees fired: একেলগে চাকৰি হেৰুৱালে 771 গৰাকী কৰ্মচাৰীয়ে; অনিৰ্দিষ্ট কাললৈ নচলিব বাছ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.