ETV Bharat / state

লাজ নহয়,নগাঁৱত হাতে-কামে দেখুৱালে অসমীয়াগিৰী - থলুৱা বজাৰ দখল

লক ডাউনে চাৰিওফালে জুৰুলা কৰাৰ সময়তে ৰাজ্যত প্ৰকাশ পাইছে কৰ্মসংস্কৃতিৰ এখনৰ পিছত আন এখন ছৱি ৷তেনে এক দৃশ্য দেখা পোৱা গ'ল নগাঁৱত ৷ ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা। হাতত দগা-পাল্লা । লাজ নহয়,হাতে-কামে দেখুৱাইছে অসমীয়াগিৰী৷

Assamese youth in the vegetable business
লাজ নহয়, নগাঁৱত হাতে-কামে দেখুৱালে অসমীয়াগিৰী
author img

By

Published : May 28, 2020, 10:00 PM IST

নগাঁও,28 মে': লক ডাউনে চাৰিওফালে জুৰুলা কৰাৰ সময়তে ৰাজ্যত প্ৰকাশ পাইছে কৰ্মসংস্কৃতিৰ এখনৰ পিছত আন এখন ছৱি ৷তেনে এক দৃশ্য দেখা পোৱা গ'ল নগাঁৱত ৷ ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা। হাতত দগা-পাল্লা । লাজ নহয়,হাতে-কামে দেখুৱাইছে অসমীয়াগিৰী৷ নগাওঁ চহৰৰ লক্ষীনগৰ চাৰিআলিৰ সমীপৰ পদপথত শাক-পাচলি লৈ বহিল এগৰাকী শিক্ষিত অসমীয়া যুৱক ৷ যুৱক জনৰ নাম বিশ্বজিত শইকীয়া ৷ ঘৰ নগাঁৱৰ পুৰণিগুদামত ৷ গাড়ীৰ ব্যৱসায়ত জড়িত বিশ্বজিত লক ডাউনৰ ফলত একপ্ৰকাৰ জুৰুলা হৈ পৰিছিল ৷ বন্ধ হৈ পৰিল উপাৰ্জনৰ পথ৷কিন্তু হতাশ নহ'ল বিশ্বজিত ৷ ডিঙিত গামোচা লৈ বিগত এসপ্তাহৰ পৰা পদপথত আৰম্ভ কৰিছে শাক-পাচলি ব্যৱসায়।গ্ৰামাঞ্চলৰ পৰা শাক-পাচলি কিনি আনি বিশ্বজিতে বিক্ৰী কৰে নগাঁও চহৰত ৷ ই টিভি ভাৰতৰ সাংবাদিকক বিশ্বজিতে হাঁহি হাঁহি ক'লে,জানেই অসমীয়া,গতি নাইকীয়া, কেনেকুৱা হৈ গৈছে ৷স্থানীয় লোকে সহযোগিতা কৰাৰ কথাও অৱগত কৰিলে বিশ্বজিতে ৷ইয়াৰ লগতে অসমীয়া যুৱকক উদ্যমেৰে কাম কৰিবলৈ ওলাই আহিবলৈও আহ্বান কৰিলে বিশ্বজিতে ৷একেই দৃশ্য দেখা পোৱা গ'ল নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ পদপথটো৷ স্নাতক ডিগ্ৰীধাৰী মৃদুলে নামৰ যুৱকজনে নিজ ঘৰৰ সমীপতে আৰম্ভ কৰিছে পাচলি ব্যৱসায়। । লক ডাউনৰ ফলত কৰ্মহীন হৈ পৰা মৃদুলে এতিয়া পাচলি বিক্ৰী কৰা ধনেৰেই পৰিয়াল পোহপাল দিয়াৰ উপৰিও উলিয়াইছে নিজৰ খৰচ।মৃদুলে ক'লে,অঞ্চলবাসীয়ে এতিয়া মোলৈ বাট চাই থাকে যে মই কেতিয়া আহোঁ পাচলি লৈ ৷ মৃদুলৰো আহ্বান আগবাঢ়ি আহক সকলো ৷

লাজ নহয়,নগাঁৱত হাতে-কামে দেখুৱালে অসমীয়াগিৰী

বিশ্বজিত আৰু মৃদুলে নিজৰ কৰ্মৰ জৰিয়তে এতিয়া দেখুৱাইছে এক সুন্দৰ কৰ্ম নিদৰ্শন। কৰ্মহীন যুৱক যুৱতীক দিছে অনুপ্ৰেৰণা আত্মনিৰ্ভৰশীল হোৱাৰ৷যেন আৰম্ভ হ'ল থলুৱা বজাৰ দখলৰ আন এক আন্দোলন ৷

লগতে পঢ়কঃকিমান সুৰক্ষিত গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.