কলিয়াবৰ,17 মে’: সোমবাৰে গুজৰাটৰ বৰোদাত এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় অসমৰ যুৱক লাকুৱাৰ বাবুল ৰাজকোঁৱৰ ৷ গেইলত কণিষ্ঠ অভিযন্তা ৰূপে কৰ্মৰত আছিল লাকুৱাৰ বাবুল ৰাজকোঁৱৰ । জানিব পৰা গুজৰাটৰ ষ্টাৰলিং হাস্পতালত চিকিৎসাধীন অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত মৃত্যু হয় বাবুলৰ ।
অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ স্নাতক মৃত বাবুল ৰাজকোঁৱৰ কৰ্মসূত্ৰে বৰোদাত পত্নী-কন্যাৰ সৈতে বাস কৰি আছিল । অসমৰ জনপ্ৰিয় গায়িকা জীনা ৰাজকুমাৰী গোস্বামীৰ একমাত্ৰ ভাতৃ আছিল বাবুল ৷ কেৱল অভিযন্তাই নহয়, বাবুল এগৰাকী তবলাৰ বিশাৰদ তথা সাংস্কৃতিক কৰ্মী ৰূপেও খ্যাত আছিল ।
মৃত্যুৰ সময়ত ৰাজকোঁৱৰে মাতৃ, পত্নী আৰু একমাত্ৰ কন্যাৰ লগতে ইষ্ট-কুটুম্ব, গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় । বৰ্তমান দেশৰ ক’ভিড সংকটৰ বাবে অসমৰ পৰা গুজৰাটলৈ যোৱাৰ কোনো ব্যৱস্থা নথকাত এতিয়া ভাগি পৰিছে পৰিয়াল লোকসকল ৷
লগতে পঢ়ক: ৰোগীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে মাখিবাহাৰ এখন চিকিৎসালয়