নগাঁও, ২১ জুনঃ নগাঁৱৰ কামপুৰৰ উত্তৰ কলনিত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু । নিহত লোকজনৰ নাম বিশ্বনাথ মজুমদাৰ বুলি পুৱা চিনাক্ত হয় ।
বৃহস্পতিবাৰে নিশা কামপুৰ বন বিষয়া কাৰ্যালয় অন্তৰ্গত লংজাপ উত্তৰ কলনিত নিশা বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক | নিশা ব্যৱসায়ৰ পৰা ওভতাৰ পথত হাতীৰ আক্ৰমণৰ সন্মুখীন হয় নিহত লোকজন । ঘটনাটো পুৱাৰ ভাগতহে গম পায় স্থানীয় লোকে | পিছত বন বিভাগৰ লোকক স্থানীয় ৰাইজে খবৰ দিয়ে যদিও বৰ্তমানলৈকে বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ ।
উল্লেখ্য যে, বিগত কেইবাদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই যদিও কামপুৰৰ বন বিভাগৰ লগতে প্ৰশাসনে কোনো বনৰীয়া হাতীৰ প্ৰতিৰোধৰ বাবে কোনো পদক্ষেপ নোলোৱাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজ । অতি শীঘ্ৰে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বনবিভাগৰ লগতে প্ৰশাসনক দাবী কৰে ৰাইজে ।
লগতে আন এটা বাতৰি - হিমাচল প্ৰদেশত 500 ফুট গভীৰ খাৱৈত বাগৰিল বাছ , 43 নিহত