ETV Bharat / state

অন্ধ বিশ্বাসঃ মেছেজ বিলাই ফুৰিছে বিধায়ক নুৰুল হুদাই

author img

By

Published : Apr 30, 2019, 10:04 AM IST

"মেছেজটো 13 জনলৈ প্ৰেৰণ কৰক ৷ দুঘণ্টাৰ ভিতৰে পূৰণ হ'ব মনৰ আশা" কোনো অশিক্ষিত-অজ্ঞ মানুহে প্ৰেৰণ কৰা নাই এনেধৰণৰ মেছেজ ৷ এগৰাকী বিধায়কে ফৰৱাৰ্ড কৰি ফুৰিছে এটা মেছেজ ৷

অন্ধ বিশ্বাসৰ বলি বিধায়ক নুৰুল হুদা

নগাঁও, ৩০ এপ্ৰিলঃ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই হোৱাটছ্ এপ্ যোগে বিভিন্ন গ্ৰপত প্ৰেৰণ কৰা এক আজৱ মেছেজে তোলপাৰ লগাইছে ইছলাম ধৰ্মীয় ইমাম সমাজত । মনৰ আশা পূৰণ হ'ব বুলি মেছেজ বিলাই ফুৰিছে বিধায়কজনে ৷
অন্ধ বিশ্বাস আৰু ভুৱা প্ৰচাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সময়ে সময়ে গ্ৰহণ কৰা হয় নানা পদক্ষেপ। তেনে সময়তে এগৰাকী বিধায়কেই অন্ধ বিশ্বাস আৰু ভুৱা বাতৰি প্ৰচাৰত ব্যস্ত হৈ পৰিছে । মনৰ আশা পূৰণৰ বাবে বিধায়কজনে whatsapp গ্ৰুপে গ্ৰুপে প্ৰেৰণ কৰিছে বাৰ্তা ।

অন্ধ বিশ্বাসৰ বলি বিধায়ক নুৰুল হুদা

বাৰ্তাটোত "মছজিদত নাহাঁহিব, হাঁহিলে আল্লাহ অসন্তুষ্ট হয়" আদি আহ্বান জনোৱা হৈছে । বাৰ্তাটোৰ শেষৰফালে উল্লেখ আছে এই মেছেজটো 13 জনক প্ৰেৰণ কৰিলে দুই ঘণ্টাৰ ভিতৰত পূৰণ হ'ব মনৰ আশা । এগৰাকী বিধায়কৰ এই কাণ্ডত এতিয়া ইছলাম ধৰ্মীয় সমাজ তথা সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

অধিক জানিবলৈ-সাংবাদিকক জেৰা আগৰতলা আৰক্ষীৰ

MLA Beleabe in Superstation
অন্ধ বিশ্বাসৰ বলি বিধায়ক নুৰুল হুদা
ৰূপহীহাট, ৩০ এপ্ৰিলঃ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই ছচিয়েল মিডিয়াত ভাইৰেল কৰা এক আজৱ মেছেজে তোলপাৰ লগাইছে ইছলাম ধৰ্মীয় ইমাম সমাজত । মনৰ আশা পূৰণ হব বুলি whatsapp ৰ গ্ৰুপে গ্ৰুপে বাৰ্তা বিধায়কজনৰ । 

অন্ধ বিশ্বাস আৰু ভুৱা প্ৰচাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সময়ে সময়ে গ্ৰহণ কৰা হয় নানা পদক্ষেপ। তেনে সময়তে এগৰাকী বিধায়কেই বলি হৈছে অন্ধ বিশ্বাসৰ । মনৰ আশা পূৰণৰ বাবে বিধায়কজনে whatsapp গ্ৰুপে গ্ৰুপে প্ৰেৰণ কৰিছে বাৰ্তা ।  বাৰ্তা টোত আছে - মছজিদত নাহাঁহিব, হাঁহিলে আল্লাহ অসন্তুষ্ট হয় । কিন্তু বাৰ্তাটোৰ শেষৰফালে উল্লেখ আছে এই মেছেজটো 13 জনক প্ৰেৰণ কৰিলে দুই ঘণ্টাৰ ভিতৰত পূৰণ হব মনৰ আশা ।  সেয়ে whatsapp ৰ গ্ৰুপে গ্ৰুপে এই বাৰ্তা প্ৰেৰণ কৰি ইছলাম ধৰ্মৰ কোনো হাদিছ প্ৰচাৰ কৰাটো কোনো অন্যায় অথবা অপৰাধ নহয় বুলি মন্তব্য কৰে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.