ETV Bharat / state

অনিশ্চয়তাৰ দিশে ৰাজ্যৰ ১৩৪০ গৰাকী কম্পিউটাৰ শিক্ষকৰ ভৱিষ্যত - ঠিকাভিত্তিক কম্পিউটাৰ শিক্ষক অসম

ঠিকাভিত্তিত নিয়োজিত হৈ কেইবাবছৰ ধৰি ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে ৰাজ্যৰ ১৩৪০ গৰাকী কম্পিউটাৰ শিক্ষকে ৷ নানা প্ৰতিশ্ৰুতিৰে নিজৰ পাঁচবছৰীয়া শাসনকাল অতিক্ৰম কৰিলে শাসকীয় বিজেপি চৰকাৰখনে ৷ শিক্ষকসকলে নিজৰ সমস্যা সন্দৰ্ভত শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষৎ কৰিলেই সকলো সমস্যা সমাধান কৰাৰ সান্তনা দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু আজিকোপতি এইসকল শিক্ষকে লাভ নকৰিলে কোনো সুফল ৷

as_ngn_assam-contractual-computer-teacher-protest_vis_7203829
অনিশ্চয়তাৰ দিশে ৰাজ্যৰ ১৩৪০ গৰাকী কম্পিউটাৰ শিক্ষকৰ ভৱিষ্যত
author img

By

Published : Jan 27, 2021, 8:17 PM IST

নগাঁও, 27 জানুৱাৰী: এক অনিশ্চিত ভৱিষ্যতক লৈ শংকিত ৰাজ্যৰ ১৩৪০ গৰাকী কম্পিউটাৰ শিক্ষক ৷ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ ড৹ বাণীকান্ত কম্পিউটাৰ শিক্ষক সন্থাৰ ৷ বিজেপিৰ ভিজন ডকুমেণ্টৰ আন এক মিথ্যাচাৰ উদঙালে ড৹ বাণীকান্ত কম্পিউটাৰ শিক্ষক সন্থাই ৷

উল্লেখ্য যে, ঠিকাভিত্তিত নিয়োজিত হৈ কেইবাবছৰ ধৰি ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে ৰাজ্যৰ ১৩৪০ গৰাকী কম্পিউটাৰ শিক্ষকে ৷ সময়ে সময়ে চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধিৰ দাবীত ধৰ্ণা, প্ৰতিবাদৰ লগতে চৰকাৰলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰি আহিছে এই কম্পিউটাৰ শিক্ষকসকলে ৷ নানা প্ৰতিশ্ৰুতিৰে নিজৰ পাঁচবছৰীয়া শাসনকাল অতিক্ৰম কৰিলে শাসকীয় বিজেপি চৰকাৰখনে ৷ শিক্ষকসকলে নিজৰ সমস্যা সন্দৰ্ভত শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষৎ কৰিলেই সকলো সমস্যা সমাধান কৰাৰ সান্তনা দিয়ে মন্ত্ৰীগৰাকীয়ে৷ কিন্তু আজিকোপতি এইসকল শিক্ষকে লাভ নকৰিলে কোনো সুফল ৷

অনিশ্চয়তাৰ দিশে ৰাজ্যৰ ১৩৪০ গৰাকী কম্পিউটাৰ শিক্ষকৰ ভৱিষ্যত

2016ৰ বিধানসভা নিৰ্বাচনৰ সময়তেই বিজেপিৰ ভিজন ডকুমেণ্টতে উল্লেখ কৰা হৈছিল এইসকল শিক্ষকৰ চাকৰি সুনিশ্চিত কৰাৰ কথা ৷ আনহাতে, পুনৰ ম্যাদ উকলাৰ দিশে ৰাজ্যৰ ঠিকাভিত্তিত নিয়োজিত এইসকল শিক্ষকৰ । কিন্তু এই সন্দৰ্ভত সংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো হৈ থকা বুলি কৈয়ে সামৰণি মাৰে ৷ গতিকে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দাবীসমূহ মানি নল’লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ একপ্ৰকাৰ অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰা ৰাজ্যৰ ঠিকাভিত্তিক কম্পিউটাৰ শিক্ষক সলকৰ ৷ এতিয়া এই সকল ঠিকাভিত্তিক শিক্ষকৰ ক্ষেত্ৰত চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক-বিটিচিত শীঘ্ৰেই হ’ব পঞ্চমখন জিলা: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.