ETV Bharat / state

কলিয়াবৰত অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাৰ সামৰণি

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:13 PM IST

অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাত কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৮ খন গাঁও পঞ্চায়তৰ জনগোষ্ঠীয় নৃত্য, বিহু, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত ৮৬২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

Asam Sanaskritik Mahasangram
অসম সাংস্কৃতিক মহাসংগ্ৰাম
অসম সাংস্কৃতিক মহাসংগ্ৰাম

কলিয়াবৰ, ১৬ ডিচেম্বৰ : গ্ৰাম্য আৰু নগৰাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিভাশালীসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্য়তে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা । ৰাজ্য়ৰ আন ঠাইৰ লগতে গ্ৰাম্য আৰু চহৰাঞ্চলৰ সুপ্ত সাংস্কৃতিক প্ৰতিভাসমূহ বিকাশৰ উদ্দেশ্যে অঞ্চল বিশেষে অনুষ্ঠিত কলিয়াবৰ বিধানসভা পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ শুক্ৰবাৰে নিশা সামৰণি পৰে ।

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত এই অসম সাংস্কৃতিক মহাসংগ্ৰামৰ কলিয়াবৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ যোৱা বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় । কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৮ টা গাঁও পঞ্চায়তৰ জনগোষ্ঠীয় নৃত্য, বিহু, ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ মুঠ ৮৬২ প্ৰতিযোগীয়ে ৬টা শাখাত অংশ গ্ৰহণ কৰে । গীতৰ বিভাগত শ্ৰেষ্ঠ পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তে চাৰিটা প্ৰথম স্থান, পাঁচটা দ্বিতীয় স্থান আৰু দুটা তৃতীয় স্থান দখল কৰি কলিয়াবৰ বিধানসভাত শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয় ।

বিহু নাচ প্ৰতিযোগিতাত তিনিটা প্ৰথম স্থান দখল কৰি বিধানসভাৰ শ্ৰেষ্ঠ স্থান লাভ কৰে জখলাবন্ধা গাঁও পঞ্চায়তে । আনহাতে, জনগোষ্ঠীয় নৃত্যত হাটবৰ গাঁও পঞ্চায়তে এটা প্ৰথম স্থান, এটা দ্বিতীয় স্থান দখল কৰি শ্ৰেষ্ঠ পঞ্চায়তৰ সন্মান লাভ কৰে । এই প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলে নগাঁও জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰামত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে যোৱা ১৪ ডিচেম্বৰত কুঁৱৰীটোলস্থিত মুক্তিযুঁজাৰু স্মৃতি ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক:আগন্তুক নাট্যবৰ্ষৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত নাথাকে ৰবি শৰ্মা, স্পষ্ট কৰিলে অভিনেতাগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.