ETV Bharat / state

টোল গেট বন্ধ কৰিবলৈ মই আহি আছো: কাৰামুক্ত হৈয়েই অখিল গগৈৰ হুংকাৰ - ৰাইজৰ দল

অসমৰ ৰাস্তাত অসমীয়াই ধন দি অহা যোৱা কৰিবলগীয়া হলে মই জীয়াই থকাৰ অৰ্থ নাই । টোল গেইট বন্ধ কৰা, পুনৰ কা' আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ অখিল গগৈৰ ।

as_ngn_02_2jly_akhil_gogoi_sibsagar_journey_image_7203829
টোল গেইট বন্ধ কৰিবলৈ মই আহি আছো, কাৰামুক্ত হৈয়েই অখিল গগৈৰ হুংকাৰ
author img

By

Published : Jul 2, 2021, 2:24 PM IST

নগাঁও, ২ জুলাই : বৃহস্পতিবাৰে কাৰামুক্ত হৈ শুকুৰবাৰে পুৱাই অভূতপূৰ্ব সঁহাৰি, উষ্ম আদৰণিৰ মাজেৰে প্ৰথমবাৰৰ বাবে নিজ সমষ্টি শিৱসাগৰলৈ যাত্ৰা কাৰাগাৰত থাকিয়েই বিধানসভালৈ নিৰ্বাচিত হৈ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা বিধায়ক অখিল গগৈৰ (Akhil Gogoi) । ‘কা' (CAA) আন্দোলনৰ সময়তেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ডেৰ বছৰৰো অধিক সময় কাৰাবন্দী হৈ থকাৰ পিছত মুকলি আকাশৰ তললৈ ওলাই অহা অখিল গগৈ (Akhil Gogoi)ক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে সৰ্বস্তৰৰ লোক । শুকুৰবাৰে পুৱাই গুৱাহাটীৰ পৰা নিজ সমষ্টি শিৱসাগৰলৈ ৰাওনা হোৱা অখিল গগৈক গুৱাহাটীৰ পৰাই বিভিন্নজনে ফুল, গামোচাৰে জনাইছে ব্যাপক আদৰণি ।

as_ngn_02_2jly_akhil_gogoi_sibsagar_journey_image_7203829
টোল গেইট বন্ধ কৰিবলৈ মই আহি আছো, কাৰামুক্ত হৈয়েই অখিল গগৈৰ হুংকাৰ

ৰাইজৰ এনে অভুতপূৰ্ব মৰমে উৎফুল্লিত কৰি তুলিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে অখিল গগৈয়ে । ভৱিষ্যতে কাম কৰাৰ ক্ষেত্ৰত ৰাইজৰ এই মৰমে অখিল গগৈক প্ৰভাৱিত কৰিব বুলিও মন্তব্য কৰে 'ৰাইজৰ দল' (Raijor Dal)ৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে (Akhil Gogoi) । শিৱসাগৰলৈ যাত্ৰা পথত ই টিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অখিল গগৈয়ে কয় যে, বিধায়ক হোৱা মানেই সংগ্ৰাম ত্যাগ কৰিব সেয়া নহয় । সংগ্ৰামৰ জৰিয়তে পূৰ্বে উত্থাপন কৰা প্ৰশ্নসমূহ এতিয়া বিধানসভাত উত্থাপন কৰা হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে । সংসদীয় ব্যৱস্থাৰ জৰিয়তে তেওঁ অসমৰ সমস্যা সামধান কৰাৰ চেষ্টা কৰিব ।

সংসদীয় ব্যৱস্থাৰ জৰিয়তে সমস্যাসমূহ সামধান নহ'লে পুনৰ আন্দোলনৰ ৰাস্তাত ভৰি দিয়া হ'ব বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে । তেওঁৰ মতে বিধানসভালৈ নিৰ্বাচিত হোৱাটো আন্দোলনৰ পৰা পলায়ন কৰাটো নুবুজায় । এয়া সংগ্ৰামৰ সম্প্ৰসাৰণহে, অসমীয়া জাতিক কেতিয়াও বিশ্বাস ঘাটকতা নকৰে বুলি ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত মন্তব্য কৰে অখিল গগৈয়ে ।

সাক্ষাৎকাৰটোত অখিল গগৈয়ে কয়, 'মই যুঁজিম । যেতিয়ালৈকে প্ৰতিজন অসমীয়া সুখে শান্তিৰে জীয়াই থাকিব নোৱাৰে ভালকৈ খাব নোৱাৰিব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম স্তব্ধ নহয় ।' প্ৰথমবাৰৰ বাবে শিৱসাগৰলৈ কৰা যাত্ৰা আগন্তুক ২০২৬ ৰ নিৰ্বাচনত বিজেপিক গাদীচ্যুত কৰাৰ লক্ষ্যৰে এক নতুন ৰাজনৈতিক কামৰ শুভাৰম্ভ বুলি উল্লেখ কৰি এয়া বৰ্তমানৰ ৰাজনীতিৰ পৰা পৰিত্ৰাণৰ এক অভিযান বুলি মন্তব্য কৰে অখিল গগৈয়ে । বিধানসভাত অখিল গগৈয়ে ‘কা' (CAA) সন্দৰ্ভতেই উত্থাপন কৰিব প্ৰথম প্ৰশ্ন । ‘কা' (CAA)ক লৈ বহু জাতীয় সংগঠনে বিশ্বাসঘাটকতা কৰা বুলিও বিস্ফোৰক মন্তব্য কৰি পুনৰ কা' আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে ।

কাৰাগাৰৰ পৰা ওলাই প্ৰথম দিনাই বেছি কথা কৈ দিলে পুনৰ জেলত ভৰাই দিব বুলিও মন্তব্য কৰে অখিল গগৈয়ে । ৰাজ্যত হ’বলগীয়া উপ-নিৰ্বাচন (Bi election) সন্দৰ্ভত অখিল গগৈয়ে কয়, উপ নিৰ্বাচনত তিনিটা সমষ্টিতেই প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাইজৰ দলে । এইক্ষেত্ৰত বিৰোধীক ঐক্যবদ্ধ হবলৈও আহ্বান জনায় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Akhil Gogoi) । বিগত বিধানসভা নিৰ্বাচনত মৰিয়নী সমষ্টি ৰূপজ্যোতি কুৰ্মীক (Rupjyoti Kurmi) এৰি দিয়াটো সমষ্টিবাসীৰ প্ৰতি মোৰ অন্যায় কৰা হৈছিল । এইবাৰ ৰূপজ্যোতিয়ে সমষ্টিবাসীক কৰা বিশ্বাসঘাতকতাৰ ফল পাব বুলিও একপ্ৰকাৰ সকীয়নী অখিল গগৈৰ ।

বৃহৎ নদীবান্ধ আৰু টোল গেট সন্দৰ্ভতো মন্তব্য কৰে কৰি অখিল গগৈয়ে কয়, বৃহৎ নদীবান্ধ আৰু টোল গেইটৰ প্ৰসংগ প্ৰথম বিধানসভাত উত্থাপন কৰিম । যদি কোনো সমাধান নহয় তেন্তে পুনৰ আন্দোলন আৰম্ভ কৰিম । টোল গেট সন্দৰ্ভত অখিল গগৈয়ে কয়- অসমৰ ৰাস্তাত যদি অসমীয়া ধন দি অহা যোৱা কৰিব লাগে তেন্তে মই জীয়াই থকাৰ অৰ্থ নাই । অৰ্ধনির্মিত পথত কোনো কাৰণত টোল গেট মানি লোৱা নহ'ব বুলি হুংকাৰ অখিল গগৈৰ ।

টোল গেট বন্ধ কৰিবলৈ মই আহি আছো । এন আই এ আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছতেই চিকিৎসালয়ত থকা অখিল গগৈ ওলাই অহাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই (Piyush Hazarika) কৰা সমালোচনা সন্দৰ্ভত অখিল গগৈয়ে কয়- পীযুষ হাজৰিকাই (Piyush Hazarika) সন্দৰ্ভত সকলোৱে জানে । পীযুষ হাজৰিকাই (Piyush Hazarika) সন্দৰ্ভত মই কোনো মন্তব্য কৰাটো উচিত নহ'ব ।

লগতে পঢ়ক- ডেৰ বছৰীয়া বন্দীত্বৰ অৱসানেৰে মুকলি আকাশৰ তলত অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.