নগাঁও, 3 আগষ্টঃ কৃত্ৰিম বানৰ কবলত নগাঁও কামপুৰৰ মাজমজিয়া । এজাক বৰষুণতে বুৰিল কামপুৰ বৈঠালাংচু গড়কাপ্তানী পথৰ লগতে বহু বাসগৃহ তথা ব্যৱসায় প্ৰতিষ্ঠান ।
শুকুৰবাৰে নিশা অহা এজাক বৰষুণে বুৰাই পেলালে কামপুৰ বৈঠালাংচু সমগ্ৰ অঞ্চল ৷ কামপুৰ ৰে'ল ষ্টেচনৰ সন্মুখতো বৰ্তমান একাঠু পৰ্যন্ত পানী ৷ যাৰ বাবে দুৰ্ভোগ ভূগিছে যাত্ৰীসকলে ৷
উল্লেখ্য যে, কামপুৰ নগৰ সমিতিয়ে সময়মতে বিজ্ঞান সন্মতভাৱে নলা নৰ্দমা নিৰ্মাণ নকৰা আৰু বৰ্তমানৰ নলা সমূহ চাফা নকৰাৰ বাবেই কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । কামপুৰ নগৰত থকা নলা-নৰ্দমা সমূহ চাফা কৰাৰ বাবে স্থানীয় ৰাইজে কামপুৰ নগৰ সমিতিক বহু বাৰ আবেদন কৰিছিল যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই নগৰ সমিতিখনৰ বিষয়ববীয়াই । যাৰ ফলত এজাক বৰষুণতে এনেধৰণৰ হাৰাশাস্তি ভূগিব লগীয়া হৈছে অঞ্চলসমূহৰ বাসিন্দাসকলৰ লগতে ব্যৱসায়ী সকলেও ৷