জাজৰি, 9 জুন : মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰৰ হৈ বটদ্ৰৱাৰ জাজৰিৰ ফণিধৰ বৰাৰ বাসগৃহত মঙলবাৰে উপস্থিত হয় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগতে নগাঁও জিলা আৰক্ষী অধীক্ষক । বিধায়িকাগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালটোক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফালৰ পৰা এখন শোক বাৰ্তা প্ৰদান কৰে । লগতে বিধায়িকা আঙুৰলতা ডেকাই পৰিয়ালটোক অসম চৰকাৰৰ ফালৰ পৰা দুই লাখ টকা আৰু ব্যক্তিগতভাৱে 50 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷ ইয়াৰোপৰি,বিধায়িকাগৰাকীয়ে পৰিয়ালৰ কৰ্মসংস্থাপনৰ দায়িত্ব লয়।
লগতে পঢ়কঃ চৈধ্য দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ জাজৰি কাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক
উল্লেখ্য যে,গাঁওৰক্ষী বাহিনীৰ সম্পাদক স্বৰ্গীয় ফনীধৰ বৰা হত্যাকাণ্ডৰ লগত জৰিত দুই আৰক্ষী কনিষ্টবল আতিকুৰ ৰহমান আৰু পৰেশ শৰ্মাৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতত বিচাৰ প্রক্রিয়া চলিব বুলি অৱগত কৰে বিধায়িকাগৰাকীয়ে ৷ লগতে এই সংক্ৰান্তত স্বৰ্গীয় ফনীধৰ বৰাৰ পত্নী নিৰ্মালি শইকীয়া বৰাৰ লগত ফোন যোগেও বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।