কলিয়াবৰ, 28 মাৰ্চ: অনিয়ম-দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে কঠোৰৰ পৰা কঠোৰ হোৱাৰ পিচতো কলিয়াবৰৰ বৰঘূলী গাঁও পঞ্চায়ত(Panchayat Corruption at Kaliabor) ত সংঘটিত(allegations of corruption at Borghuli GP) হৈছে পৰ্বতসম অনিয়ম ৷ পঞ্চায়তখনৰ সভাপতি আৰু আন সদস্যসকলৰ নেতৃত্বত চলিছে বৃহৎ লুণ্ঠন ৷ এই অভিযোগ আমাৰ নহয়, বৰং স্থানীয় ৰাইজৰহে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, পঞ্চায়তখনৰ অধীনষ্ঠ PMAY আঁচনিৰ জিঅ’টেগৰ বাবদ ৰাইজৰ পৰা সংগ্ৰহ কৰা হৈছে ৫০০-১০০০ টকা ৷ তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ প্ৰত্যেকৰে পৰা প্ৰতিটো কিস্তিৰ বাবদ অবৈধভাৱে সংগ্ৰহ কৰা হৈছে ৫০০০ টকা ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ ধনৰ নামত পঞ্চায়তৰ সভাপতি, কৰ্মীসকলে এনেধৰণে ব্যাপক অনিয়ম সংঘটিত কৰি আহিছে ৷ কেৱল মাথোঁ এয়াই নহয়, ৰাজহুৱা ধন পঞ্চায়তৰ সভাপতি আৰু আন আন কৰ্মীসকলে মিলি আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷
কৈ থাকিলে যেন শেষই নহ’ব পঞ্চায়তখনৰ দুৰ্নীতিৰ কথা ৷ পঞ্চায়তখনে বিগত সময়চোৱাত নিম্ন মানদণ্ডৰ ষ্ট্ৰীট লাইট স্থাপন কৰিছিল যদিও সেয়াও পৰৱৰ্তী সময়ত বিকল হৈ ৰয় ৷ আপুনি কলিয়াবৰৰ পথসমূহত প্ৰত্যক্ষ কৰিলে হয়তো দেখিব পঞ্চায়তখনৰ অধীনষ্ঠ এলেকাসমূহত সৌৰশক্তি চালিত বিদ্যুতৰ খুঁটা স্থাপন কৰা আছে ৷ কিন্তু প্ৰকৃত সত্যটো হৈছে, খুঁটা আছে ঠিকেই, মাথোঁ পোহৰহে নাই ৷ এক কথাত পঞ্চায়ত প্ৰতিনিধিৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰ্যবেসিত হৈছে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনৰ বৰঘূলী গাঁও পঞ্চায়ত ৷ সংখ্যালঘূ বসতিপ্ৰধান এই গাঁও পঞ্চায়তখনৰ জনসাধাৰণে সম্প্ৰতি এই অনিয়মৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে ৷
ইয়াৰোপৰি IBS হাইলেণ্ডৰ নিৰ্মাণৰ নামতো পঞ্চায়তৰ প্ৰতিনিধি-সচিবে হিতাধিকাৰীৰ পৰা বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ অসম্পূৰ্ণ হৈ ৰৈছে ভূৰবন্ধা বজাৰ মোক্তাব বিদ্যালয়ৰ চৌহদৰ ৱাল, দুই নং বৰঘূলিৰ হাফিজীয়া মাদ্ৰাছা চৌহদৰ ৱাল আদি এশ-এবুৰি অভিযোগে উদঙাইছে গ্ৰামোন্নয়নৰ পুঁজিৰ অপব্যৱহাৰ, অনিয়মৰ প্ৰকৃত ছবিখন ৷ আনহাতে, বৰঘূলি বিলপাৰ মোক্তাব বিদ্যালয়ৰ খেলপথাৰত এচপৰা মাটি নেপেলোৱাকৈ মুকলি কৰা হৈছে আঁচনিখনৰ নামত আৱণ্টিত প্ৰায় 19 লক্ষাধিক টকা ৷
বৰঘূলি গাঁও পঞ্চায়তত বছৰ বছৰ ধৰি লুণ্ঠন চলাৰ অভিযোগে এতিয়া কঁপাইছে সমগ্ৰ কলিয়াবৰ ৷ পঞ্চায়তৰ কৰ্মীসকলে শ-শ ভুৱা জবকাৰ্ড প্ৰস্তুত কৰি সৰকাইছে এমজি এনৰেগা আঁচনিৰ ধন ৷ নাম সলনি কৰি এটা পথকে একাধিক বাৰ নিৰ্মাণ-মেৰামতি কৰি আৱণ্টিত আঁচনিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ আছে এইখন পঞ্চায়তৰ বিৰুদ্ধে ৷ পঞ্চায়তখনৰ কৰ্ম-কাণ্ডত অতিষ্ঠ ৰাইজে বৰ্তমান দাবী কৰিছে উচ্চ পৰ্যায়ৰ তদন্তৰ ৷
লগতে চাওক: মূল্যবৃদ্ধিক লৈ উত্তাল বিধানসভা: বিৰোধীৰ সদন ত্যাগ