ETV Bharat / state

Assam Co Operative Jute Mill: শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ ভিতৰ চ'ৰাত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ

author img

By

Published : Jun 23, 2023, 5:01 PM IST

Updated : Jun 23, 2023, 5:14 PM IST

শিলঘাটৰ অসম সমবায় মৰাপাট কলটোৰ ভিতৰ চ'ৰাত সংঘটিত ব্যাপক দুৰ্নীতি-অনিয়মে উদ্যোগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে ৷ উদ্যোগটোৰ পৰিচালন মণ্ডলীৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক কলটোৰ ভিতৰ চ'ৰাত সংঘটিত 13 টাকৈ গুৰুতৰ অনিয়ম-দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবী কৰিছে কলটোৰ 21 গৰাকী বিষয়া-কৰ্মচাৰীয়ে ৷

Allegation of Corruption in Silghat Jute Mill
অসম সমবায় মৰাপাট কল

কলিয়াবৰ, 23 জুন: ৰাজ্যৰ সমবায় খণ্ডৰ লাভজনক উদ্যোগ কলিয়াবৰৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলটোৰ ভিতৰ চ'ৰাত সংঘটিত ব্যাপক দুৰ্নীতি-অনিয়মে উদ্যোগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে ৷ মৰাপাট কলটোৰ আন্তঃগাঁথনি আৰু দ্বিতীয়টো উৎপাদন গোট নির্মাণ কাৰ্যৰ নামত সংঘটিত হোৱা ব্যাপক অনিয়ম-দুৰ্নীতি সদৰ্ভত ইতিমধ্যে একাংশ বিষয়া-কৰ্মচাৰীয়ে কলটোৰ পৰিচালন মণ্ডলীৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৷

বিভিন্ন উন্নয়নমূলক কাম হৈছে শিলঘাটৰ অসম সমবায় মৰাপাট কলত ৷ কলটোৰ চৌহদত যেনিয়ে চাই তেনিয়ে চলিছে নিৰ্মাণ কাৰ্য ৷ ক'ৰবাত যদি নতুন গৃহ নিৰ্মাণ কৰা হৈছে, ক'ৰবাত আকৌ পুৰণি গৃহৰ মেৰামতি ৷ চৌদিশে উন্নয়নৰ ছবি, পিছে উন্নয়নৰ সমান্তৰালকৈ অসম সমবায় মৰাপাট কলত চলিছে ব্যাপক অনিয়ম, দুৰ্নীতিৰ লগতে অবাধ লুণ্ঠন ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কলটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৷ উদ্যোগটোৰ পৰিচালন মণ্ডলীৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক কলটোৰ ভিতৰ চ'ৰাত সংঘটিত 13 টাকৈ গুৰুতৰ অনিয়ম-দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবী কৰিছে কলটোৰ 21 গৰাকী বিষয়া-কৰ্মচাৰীয়ে ৷

উল্লেখ্য যে, অসম চৰকাৰে কলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় 10 কোটি টকাৰ ঋণ আগবঢ়োৱাৰ লগতে কলৰ দ্বিতীয়টো উৎপাদন গোট নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে প্ৰায় 44 কোটি টকা (এন চি ডি চি এইছ) আৱন্টন দিছিল ৷ এতিয়া এই বৃহৎ ধন ৰাশিত চকু পৰিছে কল পৰিচালনাৰ লগত জৰিত একাংশ অৰ্থলোভীৰ ৷ পৰিণতিত উন্নয়নৰ নামত চলিছে দুৰ্নীতিৰ মুকলি বেহা ৷ অবাধ দুৰ্নীতি-অনিয়মৰ দস্তাবেজৰে মুঠ 13 টা অভিযোগ সম্বলিত স্মাৰক পত্ৰ পৰিচালন মণ্ডলীৰ অধ্যক্ষ কেশৱ মহন্তক প্ৰদান কৰি কলটোৰ ভবিষ্যত সুনিশ্চিত কৰাৰ স্বাৰ্থত এতিয়া উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে কলটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৷

অভিযোগ অনুসৰি, চৰকাৰৰ দ্বাৰা আৱন্টিত বুজন পৰিমানৰ ধনৰাশি লুন্ঠনৰ অভিপ্ৰায়ৰে কোনো বিধি ব্যৱস্থা নোহোৱাকৈ অপ্ৰয়োজনীয় আৰু সস্তীয়া নিৰ্মাণ কাৰ্যত হাত উজান দি ধন শৰাধ কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে পৰিচালনা মণ্ডলীৰ এজন বিষয়বৱীয়াই ৷ কলৰ যিকোনো সামগ্ৰী ষ্ট’ৰ বিভাগৰ জৰিয়তে ক্ৰয় কৰিব লাগে যদিও প্ৰচলিত নীতি- নিয়মৰ বিপৰীতে গৈ অকৰ্তৃত্বশীল আৰু অনভিজ্ঞ ব্যক্তিৰ হতুৱাই সামগ্ৰী সমূহ ক্ৰয় কৰা বিষয়টোও অতি ৰহস্যজনক ৷ একেদৰে কলকতা আৰু চেন্নাইৰ পৰা যন্ত্ৰপাতি ক্ৰয়ৰ নামত প্ৰায় 90 লাখ টকা অবাবত অতিৰিক্ত ভাৱে খৰচ কৰাৰো অভিযোগ মৰাপাট কলটোৰ কৰ্মী পৰিষদৰ ৷

ৰাইজৰ প্ৰশ্ন, কাৰ ছত্ৰছাঁয়াত আৰু কাৰ পৃষ্ঠপোষকতাত সমবায় খণ্ডৰ প্ৰতিষ্ঠিত মৰাপাট কলটোৰ উন্নয়নৰ নামত লুণ্ঠন চলিছে কোটিৰো অধিক টকাৰ ৷ উচ্চ পৰ্যায়ৰ তদন্তত এই সকলো কথা পৰিস্কাৰ হ'ব বুলি আশা কৰিছে প্ৰায় 1 হাজাৰ শ্ৰমিক-কৰ্মচাৰী প্ৰত্যক্ষভাৱে জৰিত হৈ থকা মৰাপাট কলটোৰ বিষয়া-কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক: Landslide in Guwahati : মহানগৰীত ভূমিস্খলন; চানমাৰিৰ অমিয়নগৰত ভূমিস্খলনৰ ঘটনা

Last Updated : Jun 23, 2023, 5:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.