ETV Bharat / state

কলিয়াবৰৰ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

কলিয়াবৰৰ গাঁও পঞ্চায়তত দুৰ্নীতিৰ পোহাৰ ৷ স্বয়ং দলীয় পঞ্চায়ত প্ৰতিনিধিয়েই উজাৰিলে ক্ষোভ ৷ পঞ্চায়তৰ নিৰ্মাণ কাৰ্য‍ত নিৰ্মাণ সমিতিৰ নাই অস্তিত্ব ৷ কলিয়াবৰ মহকুমাৰ দুয়োটা উন্নয়ন খণ্ডত পঞ্চায়ত প্ৰতিনিধিৰ দুৰ্নীতি-অনিয়মৰ অভিযোগ ৷ আৰ. টি. আই. জৰিয়তে আৱেদনৰ যো-জা বিভিন্ন পক্ষৰ ৷

কলিয়াবৰৰ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
কলিয়াবৰৰ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Aug 6, 2020, 4:50 PM IST

কলিয়াবৰ, 6 আগষ্টঃ পঞ্চায়তীৰাজ ব্যৱস্থাৰে দেশৰ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ সপোন এতিয়া দুঃস্বপ্নত পৰিণত হৈছে ! এচাম পঞ্চায়ত প্ৰতিনিধি আৰু শক্তিশালী ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট একাংশ ব্যক্তিৰ বাবে ৰাজ্যৰ পঞ্চায়তবোৰ হৈ পৰিছে সোণৰ কণী পৰা হাঁহ ৷

কলিয়াবৰ মহকুমাৰ জখলাবন্ধা গাঁও পঞ্চায়তত পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কৰ্মীৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে স্বয়ং দলীয় আৰু মিত্ৰ দলৰ পঞ্চায়ত প্ৰতিনিধি ৷ নিজ এলেকাৰ উন্নয়নমূলক কামৰ কোনো শুং-সূত্ৰ নোপোৱাৰ অভিযোগ সতীৰ্থ পঞ্চায়ত প্ৰতিনিধিৰ ৷ নিৰ্মাণ সমিতিৰ ব্যৱস্থা ধোঁৱা চাঙত তুলি গাঁও পঞ্চায়তত অৱাধ ৰাজত্বৰ অভিযোগ জখলাবন্ধা আঞ্চলিক পঞ্চায়ত সদস্য আৰু গাঁও সভা সদস্যৰ ৷

কলিয়াবৰৰ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

কলিয়াবৰত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত গাঁও পঞ্চায়তলৈ আৱন্টিত পুঁজি ব্যয়েৰে কৰা গ্ৰামোন্নয়নৰ কামত ব্যাপক অনিয়মৰ এই অভিযোগ উত্থাপিত হৈছে ৷ কলিয়াবৰ উন্নয়ণ খণ্ডৰ অধীনত জখলাবন্ধা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা দুটা পথে দাঙি ধৰিছে অনিয়মৰ প্ৰতিচ্ছবিখন ৷ জখলাবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং গৰুবন্ধা গাঁও সভা এলেকাত ৰে'ল লাইনৰ পৰা অমৃত চৌহানৰ ঘৰলৈ নৱ-নিৰ্মিত পথটো জহি-খহি যোৱাৰ উপক্ৰম হৈছে ৷

নিৰ্মাণৰ পাচতেই খহি গৈছে পথ
নিৰ্মাণৰ পাচতেই খহি গৈছে পথ

চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ বৰ্ষৰ দ্বিতীয় কিস্তিৰ পুঁজি ছয় লাখ চৌৰাল্লিশ হাজাৰ তিনিশ পঞ্চাশ টকা ব্যয়েৰে পথটো নিৰ্মাণ কৰাৰ পিচতেই পথটোৰ ভাগি যোৱাৰ বিষয়ে কোনো সুদোত্তৰ দিব নোৱাৰিলে স্থানীয় গাঁও সভাৰ প্ৰতিনিধিগৰাকীয়ে ৷ তাৰ বিপৰীতে পথটোৰ নিৰ্মাণৰ লগতে স্থানীয় নিৰ্মাণ সমিতিৰ বিষয়ে অৱগত নহয় বুলিহে জানিবলৈ দিয়ে ৷ পথটোৰ নিৰ্মাণৰ সবিশেষ জানিবলৈ বিচৰাত সংশ্লিষ্ট পক্ষই হুহোকা পিচলা কৰি আছে বুলিহে অভিযোগ কৰে ৷ ৰাজ্য চৰকাৰৰ অংশীদাৰ হোৱা স্বত্বেও অগপ দলৰ পঞ্চায়ত প্ৰতিনিধিয়ে নিজ গাঁও সভা এলেকাৰ উন্নয়নমূলক কামৰ বিষয়ে বিগত সময়ছোৱাত অৱগত নহয় বুলি স্থানীয় প্ৰতিনিধিগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

স্বয়ং দলীয় পঞ্চায়ত প্ৰতিনিধিয়েই উজাৰিলে ক্ষোভ

আনহাতে, জখলাবন্ধা আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি গৰাকীয়েও পঞ্চায়তৰ কাম-কাজত তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশ কৰে ৷ বৰ্তমানৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে নিজ ইচ্ছানুসৰি, নিজ পচন্দৰ দুই-চাৰিজন দলীয় কৰ্মীক লৈ গাঁও পঞ্চায়তৰ উন্নয়নমূলক সকলো কাম-কাজতে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰে বুলি অভিযোগ আনিছে স্বয়ং দলীয় সতীৰ্থ গৰাকীয়ে ৷ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিগৰাকীয়ে শীৰ্ষ মহলতো এই বিষয়ে অভিযোগ দাখিল কৰিব বুলি অৱগত কৰে ৷

উল্লেখযোগ্য যে, কলিয়াবৰৰ বিভিন্ন গাঁও পঞ্চায়তত নিৰ্মিত পথসমূহৰ ফলকসমূহত পথৰ বিৱৰণত তাৎপৰ্য্যপূৰ্ণভাৱে পথৰ দৈৰ্ঘ আৰু প্ৰস্থৰ কোনো উল্লেখ নাই ৷ এনে অসম্পূৰ্ণ ফলকে পথ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ সন্দেহ ঘনীভূত কৰিছে সচেতন মহলত ৷ সেয়ে বিভিন্ন মহলে তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে কামৰ তথ্য বিচাৰি আৱেদন জনোৱাৰ যো-জা চলাইছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ দীৰ্ঘদিনীয়া লক ডাউনৰ অন্তত আৰম্ভ বিশ্বনাথৰ চেম্পিয়ছ মেকাৰ একাডেমীৰ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.