ETV Bharat / state

Formalin in Fish: ফৰ্মেলিনযুক্ত মাছ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ

নগাঁও মহাবিদ‍্যালয়ৰ পৰীক্ষাত অসমলৈ আমদানিকৃত মাছত মাৰাত্মক ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰাত সৰ্বত্ৰে প্ৰতিক্ৰিয়া। কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা মুখ‍্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ (AJYCP submits memorandum to CM) ৷

author img

By

Published : Apr 30, 2023, 10:28 AM IST

Demanding ban on Formaldehyde fish
ফৰ্মেলিনযুক্ত মাছ বন্ধৰ দাবী
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ

কলিয়াবৰ, 30 এপ্ৰিল: ৰাজ্যত অবাধে বিক্ৰি হৈ আছে বহিঃৰাজ্যৰ ফৰ্মেলিনযুক্ত মাছ ৷ কুম্ভকৰ্ণ নিদ্ৰাত অসম চৰকাৰৰ মীন বিভাগ ৷ নগাঁও মহাবিদ্যালয়ৰ পৰীক্ষাত চালানী মাছত মাৰাত্মক ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰাৰ পাচতেই এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চালানী মাছৰ আমদানি বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ (AJYCP submits memorandum to CM) ৷

শেহতীয়াকৈ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰত ধৰা পৰা চালানী মাছত ফৰ্মেলিনৰ লগতে কেডমিয়াম, আৰ্চেনিকৰ উপস্থিতিৰ তথ্যই সমগ্ৰ অসমবাসীৰ লগতে কলিয়াবৰবাসীকো উদ্বিগ্ন কৰি তুলিছে ৷ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীৰ নিৰ্দেশত মহাবিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগে বজাৰত উপলব্ধ চালানী মাছত বিষাক্ত পদাৰ্থৰ উপস্থিতিৰ অধ্যয়নৰ বাবে এলানি পৰীক্ষা সম্পন্ন কৰিছিল ৷

এই পৰীক্ষাত দলটোৱে নগাঁও জিলাৰ বিভিন্ন ব্যৱসায়িক এলেকাৰ পৰা নমুনা সংগ্ৰহ কৰি প্ৰাণীবিজ্ঞান বিভাগৰ গৱেষণাগাৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰাৰ লগতে তথ্যৰ শুদ্ধতা নিৰূপণৰ বাবে গুৱাহাটীস্থিত উন্নতমানৰ পৰীক্ষাগাৰতো পৰীক্ষা সম্পন্ন কৰে ৷ এই দুয়োলানি পৰীক্ষাত উদ্বেগকজনকভাৱে চালানী মাছত সৰ্বাধিক ১৫ শতাংশলৈকে ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰে (Demanding ban on Formaldehyde fish) ৷

তদুপৰি দলটিয়ে চালানী মাছত মানৱ শৰীৰৰ বাবে অপকাৰী গুৰু ধাতু যেনে – কেডমিয়াম, প্ৰমিয়াম, আৰ্চেনিক, লিড আদিৰ উপস্থিতি সম্পৰ্কেও অধ্যয়ন অব্যাহত ৰাখিছে ৷ এই অধ্যয়নৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাচতেই কলিয়াবৰতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ (Demanding ban on Formaldehyde fish) ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ফৰ্মেলিনযুক্ত চালানী মাছৰ আমদানী বন্ধ কৰাৰ দাবীত প্ৰেৰণ কৰিছে এক স্মাৰক পত্ৰ ৷ তদুপৰি, সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে বিষাক্ত ফৰ্মেলিনযুক্ত মাছৰ পৰা হ'ব পৰা বিপদৰ বিষয়ে অৱগত কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে সংগঠনটোৱে (Reaction on Formaldehyde Fish) ৷

অসম বিজ্ঞান সমিতি, কলিয়াবৰ শাখাৰ সম্পাদক তথা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাই জনোৱা মতে, ফৰ্মেলিনযুক্ত মাছে মানৱ দেহত কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে ৷ তদুপৰি, পাকস্থলীৰ বিভিন্ন ৰোগে দেখা দিব পাৰে ৷ ৰন্ধাৰ পূৰ্বে চালানী মাছৰ পৰা ফৰ্মেলিন বিশেষ কিছু প্ৰক্ৰিয়াৰে কমাব পাৰি যদিও নোহোৱা কৰাতো সম্ভৱ নহয় বুলি মন্তব্য কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে ৷ সাধাৰণ ৰাইজৰ মাজত এনেধৰণৰ সচেতনতা সহজলভ্য নহয় ৷ সেয়ে, এনে মাছ নোখোৱাকৈ থকাই ভাল বুলি মন্তব্য কৰে তেওঁ (AJYCP submits memorandum against toxic fish supply) ৷

আনহাতে, অসমৰ নিচিনা নৈ-খাল-বিলেৰে পৰিপূৰ্ণ ৰাজ্য ভাৰতৰ আন কোনো প্ৰদেশতেই নাই ৷ কেৱল নগাঁও আৰু মৰিগাঁও জিলাতেই ৩৭৯ খন বিল আছে ৷ এনে প্ৰকৃতিক জলাশয়তে অসমক প্ৰয়োজন হোৱা মাছতকৈ অধিক থলুৱা মাছ উৎপাদন কৰিব পৰা সম্ভাৱনা আছে ৷ লগতে ৰাজ্যত এখন মীন মহাবিদ্যালয় আছে; তেওঁলোকেও এই বিষয়ত গৱেষণা কৰিব পাৰে ৷ থলুৱা মাছৰ ইমান চাহিদা থকাৰ পাচতো আমি কিয় অন্ধ্ৰ, কানপুৰৰ মাছ খাব লাগে; এই বিষয়টো এতিয়া ; চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি মন্তব্য কৰে তেওঁ ৷ গতিকে ফৰ্মেলিনযুক্ত মাছৰ পৰা বাচিবলৈ চৰকাৰৰ উদ্যোগত ৰাজ্যতে মাছ উৎপাদনৰ বাবে এখন বিশেষ আচঁনিৰ উদ্যোগ লোৱাৰ পোষকতা কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে (Formaldehyde Fish in Assam) ৷

লগতে পঢ়ক: Laser show at Rang Ghar: ৰংঘৰত প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত অনুষ্ঠানক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.