ETV Bharat / state

নগাঁৱত অগপৰ জাতীয় ঐক্য সমাৰোহ - সাধাৰণ সম্পাদক

নগাঁৱত অগপৰ ঐক্য সমাৰোহ ৷ উপস্থিত দলটোৰ বহু শীৰ্ষ বিষয়া ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালোচনা অতুল বৰাৰ ৷ অসমৰ সৰ্বাংগীন উন্নয়নৰ কথা চিন্তা কৰিব দলটোৱে ৷

agp-meeting-in-nagaon-kaliyabor
নগাঁৱত অগপৰ জাতীয় ঐক্য সমাৰোহ
author img

By

Published : Jan 31, 2021, 8:11 PM IST

কলিয়াবৰ, 31 জানুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰত অগপৰ ঐক্য সমাৰোহত অনুষ্ঠিত ৷ সমাৰোহত উপস্থিত থাকে সভাপতি অতুল বৰা, কাৰ্য‍কৰী সভাপতি কেশৱ মহন্ত, জ‍্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা, মহিলা পৰিষদ, যুৱ পৰিষদ, ছাত্ৰ পৰিষদৰ শীৰ্ষ নেতা, ড০ পৰমানন্দ ৰাজবংশী, কল্পনা পাটোৱাৰীকে ধৰি দলটোৰ বহু নেতাকৰ্মী ৷ ঐক‍্য সমাৰোহৰ পৰাই ন-সাজেৰে ৰাইজৰ মাজলৈ যোৱাত ঐক‍্যবদ্ধ হৈ কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ নেতাকৰ্মী সকল ৷

agp-meeting-in-nagaon-kaliyabor
নগাঁৱত অগপৰ জাতীয় ঐক্য সমাৰোহ

বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰৰে এক সাংস্কৃতিক শোভাযাত্ৰাৰে অগপ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দক আদৰি আনে কুঁৱৰীটোলৰ ঐতিহাসিক গান্ধী খেলপথাৰলৈ । সমাৰোহত অগপ দলত যোগদান কৰে চাহ নেতা বিন্দু গঞ্জু, শুকদেৱ নায়ক, কৃষ্ণ কৰ্মকাৰ, ৰীতা দীগাল, বাসন্তী তাঁতি, সোণালী খাকলাৰী, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৰাজ‍্যিক সভাপতি দিপাংকৰ গোঁহাইকে ধৰি ভালেকেইজন নেতাসহ সহস্ৰাধিক কৰ্মী ।

উপস্থিত থকা শীৰ্ষ নেতাৰ মন্তব্য

লগতে পঢ়ক : গুৱাহাটীৰ গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে বিশ্বৰ ক্ৰীড়া সমাজক

জাতীয় ঐক‍্য সমাৰোহত অগপ দলৰ সভাপতি অতুল বৰাই মে-ডাম-মেফীৰ পবিত্ৰ দিনটোত আহোম স্বৰ্গদেউসকলক সোঁৱৰণ কৰে । অসমত জন্মগ্ৰহণ কৰা বিভিন্ন জাতি-জাতিগোষ্ঠীৰ অসমক ভালপোৱা প্ৰতিজনৰ উন্নয়নেই অগপ দলৰ প্ৰধান লক্ষ‍্য । ইফালে, ভাষণত আক্ৰমণৰ লক্ষ‍্য হিচাপে বাচি লয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফক ।

ভাৰতীয় জনতা পাৰ্টীৰে মিত্ৰতাৰে সমাগত নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা অৱস্থাত বিভিন্ন পক্ষই অগপৰ বিৰুদ্ধে অপ-প্ৰচাৰত লিপ্ত হৈছে । যাৰ নেতৃত্ব লৈছে কংগ্ৰেছে এ আই ইউ ডি এফৰ লগ লাগি । মৃত্যুমুখী দলটোৱে এ আই ইউ ডি এফৰ সহযোগত অগপৰ বিৰুদ্ধে ৰণকৌশল ৰচনা কৰিছে ।

agp-meeting-in-nagaon-kaliyabor
জাতীয় ঐক্য সমাৰোহত সভাপতি তথা মন্ত্ৰী অতুল বৰা

আনহাতে, নাম নোলোৱাকৈয়ে আক্ৰমণ কৰে 'অসম জাতীয় পৰিষদ'ক । যি দলে জাতীয়তাবাদক সমাধিস্থ কৰিবলৈ আগবাঢ়িছে । নিজ স্বাৰ্থৰ বাবে সৰ্বভাৰতীয় দলৰ বোকোচাত উঠি আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদক ধ্বংস কৰা দলসমূহক উচিত প্ৰত‍্যুত্তৰ দিব বুলিও হুংকাৰ দিয়ে সভাত । দীঘলীয়া সময় শাসনত থকা কংগ্ৰেছে সাৰ-পানী দি বিদেশী সমস‍্যাক নবঢ়োৱাহেঁতেন বিদেশী সমস‍্যা হৈ নাথাকিলেহেঁতেন বুলি মন্তব্য নেতা গৰাকীৰ ।

agp-meeting-in-nagaon-kaliyabor
জাতীয় ঐক্য সমাৰোহত মন্ত্ৰী ফনীভূষণ চৌধুৰী

লগতে পঢ়ক : চিৰাঙত বড়ো সাহিত্য সভাৰ সফল সামৰণি

ইফালে, অগপ কাৰ্য‍কৰী সভাপতি তথা স্থানীয় বিধায়ক কেশৱ মহন্তই ভাষণ প্ৰসংগত অগপ দলটোক একগোট কৰি লৈ যোৱা যি প্ৰয়াস সেই প্ৰয়াসক সন্মান জনাই অগপ দলত যোগদান কৰা সকলোকে আদৰণি জনায় । কলিয়াবৰত 100 শতাংশ পথ, পানী আৰু পোঁহৰৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাৰ দিশে । চলিত বৰ্ষতে কলং পুনৰ প্ৰৱাহিত হ'ব বুলিও ঘোষণা কৰে জলসম্পদ মন্ত্ৰীয়ে । দ্বিতীয়টো মৰাপাট কলৰ নিৰ্মাণৰ পদক্ষেপ, মহকুমা পৰ্যায়ৰ চিকিৎসালয় নিৰ্মাণ, আইন মহাবিদ‍্যালয়ৰ আধাৰশিলা স্থাপন, তাৰকা গৃহৰ আধাৰশিলা স্থাপন কৰা হৈছে বুলি জনাই মন্ত্ৰী গৰাকীয়ে ।

ৰাজ‍্যৰ খাদ‍্য আৰু যোগান মন্ত্ৰী তথা বঙাইগাঁৱৰ বিধায়ক অগপ নেতা ফণীভূষণ চৌধুৰীয়ে অসম গণ পৰিষদ দলে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰে পৰা 7 টা নিৰ্বাচনৰ 6 টা নিৰ্বাচনতে অগপ দলৰ প্ৰাৰ্থী জয়ী হৈ আহিছে । সমাগত নিৰ্বাচনত বৰ্তমানৰ বিধায়ক গৰাকীক অভিলেখ সংখ‍্যক ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ।

সাধাৰণ সম্পাদক ডা০ কমলা কলিতাই স্থানীয় বিধায়ক কেশৱ মহন্তক চাণক‍্য আখ‍্যা দি কয় যে, অগপই আঞ্চলিকতাবাদ চৰিত্ৰৰ ক্ষেত্ৰৰ কোনো আপোচ নকৰে বুলি পুনৰবাৰ ঘোষণা কৰে । কল্পনা পাটোৱাৰীৰ বক্তব‍্যৰ লগতে গীত পৰিৱেশন কৰি অগপ দলক শক্তিশালী কৰাৰ লগতে অসমৰ বিভিন্ন জাতি-গোষ্ঠীৰ সাংস্কৃতিক ধৰি ৰখাৰ এক পৰিকল্পনা অগপ দলে হাতত ল'ব ।

লগতে পঢ়ক : কিয় দিছিল নাম কৰ্তনৰ নিৰ্দেশঃ পুণৰ NRC কৰ্তৃপক্ষক জাননী উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.