ৰহা, 12 নৱেম্বৰ : ৰহাৰ দীঘলীআটিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে বিয়লি সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। মাৰুতি এল্ট' আৰু মাৰুতি ছুইফটৰ মাজত হোৱা সংঘৰ্ষত এটি শিশু আৰু এগৰাকী মহিলাসহ ৬ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা AS 12C 9749 নম্বৰৰ মাৰুতি এল্ট'খনে দীঘলীআটিত চাৰিশাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত থকা এটা প্ৰকাণ্ড গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই ৷ ফলত বাঁওফালৰ পৰা ডিভাইদাৰ পাৰ হৈ সোঁফালৰ পথৰ ওপৰত পৰে।
সেই সময়তে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 04S 0159 নম্বৰৰ এখন মাৰুতি ছুইফটৰ লগত সংঘৰ্ষ হয় মাৰুতি এল্ট'খনৰ। ফলত দুয়োখন বাহনতে থকা শিশু মহিলাসহ মুঠ ৬ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত আহতসকলক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটোৰ ফলত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী পথটোত বহু সময় ধৰি যান বাহন আৱদ্ধ হৈ পৰে। আনহাতে এই প্ৰকাণ্ড গাঁতটোৰ বাবে ইয়াত বহু দুৰ্ঘটনা সংঘটিত হৈছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ মেৰামতি নকৰাত ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷