ETV Bharat / state

মেৰুদণ্ডহীন অসম গণ পৰিষদ :আব্দুল খালেক - আব্দুল খালেক

অসমৰ ৰাইজ সাম্প্ৰদায়িক নহয় বুলি উল্লেখ কৰি আব্দুল খালেকে কয়, আগন্তক নিৰ্বাচনত কা'ৰ বিৰুদ্ধে অসমবাসী একত্ৰিত হৈ বিজেপিক উৎখাত কৰিব । শুক্ৰবাৰে নগাঁৱত উপস্থিত হৈ সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কংগ্ৰেছ সাংসদ আব্দুল খালেকে । তেওঁ কয়, বিজেপি চৰকাৰে অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিব বিচাৰিছে ৷

abdul-khalek-on-alliance
মেৰুদণ্ডহীন অসম গণ পৰিষদ :আব্দুল খালেক
author img

By

Published : Jan 22, 2021, 10:56 PM IST

নগাঁও, 23 জানুৱাৰী : শুক্ৰবাৰে নগাঁৱত উপস্থিত হৈ কংগ্ৰেছ সাংসদ আব্দুল খালেকে সমালোচনাৰ লক্ষ্য কৰি লয় অসম গণ পৰিষদৰ লগতে বিজেপি দলক । কংগ্ৰেছৰ নেতৃত্বত হোৱা মহাজোঁট বন্ধনত শাসকীয় বিজেপি দল শংকিত হোৱা বুলি মন্তব্য কৰে সাংসদ আব্দুল খালেকে।

অসমৰ ৰাইজ সাম্প্ৰদায়িক নহয় বুলি উল্লেখ কৰি আব্দুল খালেকে কয়, আগন্তক নিৰ্বাচনত কা'ৰ বিৰুদ্ধে অসমবাসী একত্ৰিত হৈ বিজেপিক উৎখাত কৰিব । ৰাজ্যৰ বিজেপি চৰকাৰে বিগত পাঁচটা বছৰে কোনো এটা প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি উল্লেখ কৰে আব্দুল খালেকে৷ ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিব বিচাৰিছে ৷

সমান্তৰালভাৱে অগপ দলকো কটাক্ষ কৰি কয় অগপ দল মেৰুদণ্ডহীন ৷ লগতে নৱগঠিত দুই আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো কংগ্ৰেছৰ মহাজোঁট বন্ধনলৈ নিমন্ত্ৰণ জনায় আব্দুল খালেকে।

লগতে পঢ়ক: অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিশ্ৰুতি সোঁৱৰালে দেৱব্ৰত শইকীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.