ETV Bharat / state

আমচৈত প্ৰৱেশ নিষিদ্ধ ৰাজেশ হিম্মৎসিংকাৰ - গুলীচালনাৰ ঘটনা

বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বিৰুদ্ধে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ আমচৈবাসীৰ ৷ বাগানত প্ৰৱেশৰ পথ চিৰদিনৰ বাবে বন্ধ হৈ পৰিল বিতৰ্কিত ব্যৱসায়ীজনৰ ৷

বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা
author img

By

Published : Jul 11, 2019, 7:21 PM IST

ৰহা, 11 জুলাইঃ নিজৰ বাগানতে প্ৰৱেশ নিষিদ্ধ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ ৷ বিতৰ্কিত ব্যৱসায়ীগৰাকীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ বাগিছাৰ শ্ৰমিকসকলে লৈছে এই সিদ্ধান্ত ৷

বিগত 3 জুলাইত আমচৈ চাহ বাগিছাত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিচতে বাগিছাবাসী ৰাইজে ত্যাগ কৰিছে ৰাজেশ হিম্মৎসিংকাক ৷ বাগিছাখনৰ বাংলোত সংঘটিত ঘটনাৰ পাছতেই বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ৷

বিগত তিনি জুলাইত সংঘটিত গুলীচালনাৰ ঘটনাত ভৰিত গুলী লাগি আহত হৈছিল এগৰাকী যুৱতী ৷ আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ নাৰায়না চুপাৰস্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল যুৱতীগৰাকীকে ধৰি ৰাজেশ হিম্মৎসিংকাই ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পইন্ট থ্ৰী টু পিষ্টলসহ সজীৱ গুলী তথা এখন বিলাসী BMW বাহন জব্দ কৰিছিল ৷

বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা

এই ঘটনাৰ পিচতে বিতৰ্কিত ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বাগিছা শ্ৰমিকসকল ৷ শ্ৰমিকসকলে উত্থাপন কৰা অভিযোগ অনুসৰি, প্ৰায়েই উক্ত বাগিছাত যুৱতীৰ সৈতে সুৰাৰ পাৰ্টি আয়োজন কৰি বাগিছাৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছিল ৰাজেশ হিম্মৎসিংকাই ৷ শেহতীয়াকৈ সংঘটিত গুলীচালনাৰ ঘটনাক লৈ ক্ষুদ্ধ হৈ পৰা শ্ৰমিকসকলে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাগিছাত ৰাজেশ হিম্মৎসিংকাৰ প্ৰৱেশ নিষিদ্ধ কৰি তাত থকা বাংলোৰ গেটত তলা ওলোমাই দিয়ে ৷

অধিক পঢ়কঃ ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাংলোত নিশা হ'লে কি চলে?

Intro:আমচৈ বাগিছাৰ বাংলোত প্ৰৱেশ নিষিদ্ধ কৰিলে ৰাজেশ হিম্মৎসিংকাৰ ৷ বৃহস্পতিবাৰে ক্ষুদ্ধ শ্ৰমিকে বাংলোৰ গেটত উলমালে তলা ৷ বাগিছাৰ বাংলোত অনৈতিক কাৰ্যকলাপ সংঘটিত কৰি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বিৰুদ্ধে ৷Body:আমচৈ চাহ বাগিছাৰ বাংলোত প্ৰৱেশ নিষিদ্ধ কৰিলে বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ ৷ বাগিছাৰ বাংলোত অনৈতিক কাৰ্যকলাপ সংঘটিত কৰি অহাৰ বাবেই এই সিদ্ধান্ত গ্ৰহন কৰে বাগিছাৰ শ্ৰমিক সকলে ৷ বিভিন্ন সময়ত অনৈতিক আৰু অসামাজিক কাৰ্যকলাপেৰে বাগানৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজেশ হিম্মৎসিংকাৰ বিৰুদ্ধে ৷ উল্লেখ্য যে বিগত ৩ জুলাইত বাংলোত সংঘটিত হৈছিল এক গুলিচালনাৰ ঘটনা ৷ গুলিয়াগুলীত আহত হৈছিল এগৰাকী যুৱতী ৷ ভৰিত গুলি লাগি আহত হোৱা যুৱতীগৰকীক ভৰ্তী কৰোৱা হৈছিল গুৱাহাটীৰ নাৰায়না হস্পিটালত ৷ সকলো ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল যুৱতীগৰাকীৰ লগতে ৰাজেশ হিম্মৎসিংকাই ৷ ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাক ৷ লগতে জব্দ কৰিছিল ৰাজেশ হিম্মৎসিংকাৰ .৩২ পিষ্টল, সজীৱ গুলিৰ লগতে এখন BMW গাড়ী ৷ ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে চাহ বাগিছাৰ শ্ৰমিক সকল ৷ বিভিন্ন সময়ত ৰাজেশ হিম্মৎসিংকাই বাগিছাৰ বাংলোত যুৱতীৰ সৈতে সুৰাৰ পাৰ্টি আয়োজন কৰি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে বাগানৰ বাংলোৰ গেটত তলা উলমাই দিয়ে ক্ষুদ্ধ শ্ৰমিক সকলে ৷ লগতে বাংলোত প্ৰৱেশ নিষিদ্ধ কৰে বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ ৷

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.