ETV Bharat / state

অগ্নিদগ্ধ হৈ মৃ্ত্যু এগৰাকী বোৱাৰীৰ - বঢ়মপুৰ

নগাঁৱৰ ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত ঘৰত কোনো নথকাৰ সময়তে গাত জুই লাগি ৰহস্যজনক ভাৱে মৃত্যু এগৰাকী বোৱাৰীৰ

অগ্নিদগ্ধ হৈ মৃ্ত্যু এগৰাকী বোৱাৰী
author img

By

Published : Aug 9, 2019, 12:02 AM IST

বঢ়মপুৰ, 8জুলাই : নগাঁৱৰ ননৈ পহৰা আৰক্ষী চকীৰ অন্তৰ্গত ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ ঘৰত কোনো নথকাৰ সময়তে গাত জুই লাগি ৰহস্যজনক ভাৱে মৃত্যু এগৰাকী বোৱাৰীৰ ৷ নিহত বোৱাৰী গৰাকী নাম কবিতা বৰা ৷ স্থানীয় লোকৰ লগতে কবিতা বৰাৰ মাতৃৰ পৰিয়ালৰ লোকৰ অভিযোগ যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ কবিতা বৰাক তেওঁৰ স্বামী পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাই ৰূমৰ ভিতৰত আবদ্ধ কৰি জ্বলাই দিয়াৰ অভিযোগ তুলিছে কবিতাৰ পৰিয়ালে ৷ কবিতাৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কবিতাৰ স্বামী পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাই প্ৰায়ে সৰু সৰু কথাত ৱোৱাৰী গৰাকীৰ লগত কন্দল কৰি আহিছিল ৷ বোৱাৰী গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পিছত ঘটনাস্থলীত ননৈ আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি শান্ত হয়। আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব মহিলা গৰাকীৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা । ইতিমধ্যে সোধপোছৰ বাবে ননৈ আৰক্ষীয়ে আটক কৰিছে কবিতা বৰাৰ স্বামী পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাক ।

Intro:ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নথকাৰ সময়তে গাত জুই লাগি ৰহস্যজনক ভাবে মৃত্যু এগৰাকী বোৱাৰীৰ।

Anchor= নগাঁৱৰ ননৈ পহৰা আৰক্ষী চকীৰ অন্তৰ্গত ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নথকাৰ সময়তে গাত জুই লাগি ৰহস্যজনক ভাবে মৃত্যু এগৰাকী বোৱাৰীৰ।নিহত বোৱাৰী গৰাকী নাম কবিতা বৰা। বৰ্তমানেও কবিতা বৰাই আত্মহত্যা কৰিছেনে নে কোনোবাই হত্যা কৰিছে সেয়া জানিব পৰা হোৱা নাই যদিও অঞ্চলটোৰ স্হানীয় লোকৰ লগতে কবিতা বৰাৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপিত কৰিছে।কবিতা বৰাক তেওঁৰ গিৰিয়েক পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাই ৰূমৰ ভিতৰত আবদ্ধ কৰি জ্বলাই দিয়া অভিযোগ তুলিছে কবিতাৰ পৰিয়ালে।কবিতাৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কবিতাৰ স্বামী পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাই প্ৰায়ে সৰু সৰু কথাত ৱোৱাৰী গৰাকীৰ লগত কন্দল কৰি আহিছিল আৰু আজিও তেনেদৰে কন্দল কৰিয়েই কবিতাক জ্বলাই দিলে।ইপিনে বোৱাৰী গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।স্হানীয় লোকে কবিতা বৰাৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি এক উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি কৰে । পিছত ঘটনা স্হলীত ননৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে। অৱশ্যে মহিলা গৰাকীৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।ইতিমধ্যে ননৈ আৰক্ষীয়ে সোধপোছৰ বাবে কবিতা বৰাৰ স্বামী পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাক আটক কৰিছে। উল্লেখযোগ্য যে নিহত বোৱাৰী গৰাকীৰ এটি তিনিবছৰীয়া শিশু সন্তানো আছে।
Body:Byte = বাপেক, বায়েক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.