ETV Bharat / state

অনাময় আঁচনীয়ে ঢুকি নোপোৱা নগাঁৱৰ এখন গাঁও - Nagaon

নগাঁৱত ৰূপহীহাট সমষ্টিৰ তেলিয়াচাপৰি টোপ গাঁওখনক বৰ্তমানেও ঢুকি পোৱা নাই অনাময় আঁচনিয়ে ৷ গাঁওখনৰ বাসিন্দাই বৰ্তমানেও মলত্যাগ কৰে পথাৰত ৷

Nagaon which was not covered by the Anamaya scheme
অনাময় আঁচনীয়ে ঢুকি নোপোৱা নগাঁৱৰ এখন গাঁও
author img

By

Published : Nov 19, 2020, 10:57 PM IST

নগাঁও,19নৱেন্বৰ: আজি বিশ্ব শৌচালয় দিৱস । কিন্তু বিশ্ব শৌচালয় দিৱসৰ দিনটোতে পোহৰলৈ আহিছে অনাময় আঁচনিৰ প্ৰহসন। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে চৰকাৰে গ্ৰহণ কৰা অনাময় আচঁনিয়ে আজিও ঢুকি পোৱা নাই নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ তেলিয়াচাপৰি টোপ এই গাঁও খন। মুকলিত ম'ল ত্যাগ মুক্ত দেশ গঢ়াৰ উদ্দেশ্যে ২০৭-০৮ বর্ষতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল অনাময় আঁচনি। এই আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালত শৌচালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল সেইসময়ৰ পৰাই। আঁচনি গ্ৰহণ কৰিয়েই প্ৰকাশ কৰিছিল কোটি কোটি টকাৰ বিজ্ঞাপন। আজিও যেন বহু পৰিয়াল বহু গাঁৱৰ বাবে কেৱল বিজ্ঞাপতে সীমাবদ্ধ চৰকাৰৰ এই আঁচনি। ৰূপহীহাট সমষ্টিৰ ছাইদৰীয়া গাঁও পঞ্চায়ত এলেকাৰ তেলীয়াচাপৰি টোপ গাঁও ইয়াৰ জ্বলন্ত উদাহৰণ। গাঁওখনৰ বহু পৰিয়ালৰ ঘৰত আজিও নাই কোনো শৌচালয়ৰ ব্যৱস্থা। দৰিদ্ৰ বহু পৰিয়ালে নিজেও নিৰ্মাণ কৰিবলৈ সক্ষম নহয় শৌচালয়। ফলত আজিও মুকলি পথাৰতে কৰিবলগলীয়া হয় ম'লত্যাগ।

অনাময় আঁচনীয়ে ঢুকি নোপোৱা নগাঁৱৰ এখন গাঁও

দুই এক পৰিয়ালে ঘৰতে কোনো মতে গাত খান্দি প্লাষ্টিকৰ বস্তা মেৰিয়াই কৰিবলগীয়া হয় শৌচ। কোনো মতে খন্দা গাঁতত মহিলাসকলে ম'ল ত্যাগ কৰাৰ ফলত ঘৰৰ ভিতৰলৈকে হৈ পৰে দুৰ্গন্ধময় পৰিবেশ। এই দুৰ্গন্ধময় পৰিবেশতে শিশু,পুৰুষ,মহিলাই গ্ৰহণ কৰে খাদ্য।

উল্লেখযোগ্য যে,১৯৮৬ চনতে অগপ চৰকাৰৰ দিনত আদৰ্শ গাঁও হিচাপে ঘোষণা হৈছিল এইখন তেলীয়াচাপৰি টোপ গাঁও । কিন্তু এসময়ৰ আদৰ্শ গাঁৱতে অনাময় আচঁনিয়ে ঢুকি নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় সচেতন লোকে ।

অন্য এক খবৰৰ বাবে: অখিল গগৈৰ জামিন আবেদনৰ শুনানি সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.