ETV Bharat / state

পুতলা থিয়েটাৰক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা এজন ব্যক্তিৰ - বিকল্প উপাৰ্জনৰ পথো মুকলি কৰিছে বৰাই

পুতলা থিয়েটাৰক জীয়াই ৰাখিবৰ বাবে 'ৰূপালীম পুতলা থিয়েটাৰ'ৰ জন্ম দিছিল কাকমাৰীৰ ৰাজু বৰাই । বৰ্তমান বিকল্প উপাৰ্জনৰ পথো মুকলি কৰিছে বৰাই ৷

পুতলা থিয়েটাৰক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা এজন ব্যক্তিৰ
author img

By

Published : Jun 24, 2020, 11:05 AM IST

বটদ্ৰৱা, 24 জুন : অসমৰ ৰাইজৰ মাজত একালত অভূতপূৰ্ব সহাঁৰি লাভ কৰা অসমৰ সাংস্কৃতিক পথাৰৰ অনবদ্য লোক সংস্কৃতি পুতলা থিয়েটাৰ বৰ্তমান বিলুপ্তপ্ৰায় ৷ আশী আৰু নৱৈ দশকত মধ্য অসমত জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমানৰ এই পুতলা থিয়েটাৰ । 19 শতিকাত একাংশ সংস্কৃতিবান লোকে নগাঁও জিলাৰ পশ্চিম প্ৰান্তত জন্ম দিছিল এই পুতলা থিয়েটাৰ ।

পুতলা থিয়েটাৰক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা এজন ব্যক্তিৰ

এই পুতলা থিয়েটাৰক জীয়াই ৰাখিবৰ বাবে 'ৰূপালীম পুতলা থিয়েটাৰ'ৰ জন্ম দিছিল কাকমাৰীৰ ৰাজু বৰাই । কিন্তু প্ৰযুক্তিবিদ্যাৰ খৰটকীয়া গতিৰ লগত খাপ খাই চলিবলৈ কিছু পৰিমাণে সমস্যাৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে ৰাজু বৰাই । এই পুতলা থিয়েটাৰত কৰ্মৰত কলা-কুশলীসকলৰো জীৱনৰ পথ অনিশ্চয়তাৰ ফালে গতি কৰিছে । এই লোক সংস্কৃতি জীয়াই ৰখাৰ বাবে ৰজাঘৰীয়াই যদি ব্যৱস্থা হাতত নলয় তেন্তে এই সংস্কৃতি লুপ্ত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে বুলি জানিবলৈ দিয়ে ৰাজু বৰাই ৷ লকডাউনৰ ফলত পুতলা থিয়েটাৰ বাৰুকৈয়ে প্ৰভাৱিত হোৱা বুলি মন্তব্য কৰে ৰাজু বৰাই ৷

ইফালে এই সংস্কৃতিৰ অৱনতি ঘটাৰ লগে লগে ৰূপালীম থিয়েটাৰৰ কৰ্তৃপক্ষ তথা নাট্যকাৰ আৰু পৰিচালক ৰাজু বৰাই জীৱন নিৰ্বাহ কৰিবলৈ এক বিকল্প পথ গ্ৰহন কৰে । নিজ ঘৰতে বিজ্ঞান সন্মতভাৱে টাৰ্কি,ব্লেক চিকেন,ইণ্ডিয়ান ৰাণাৰ,হুৱাইট টেকিঙকে ধৰি প্ৰায় ১৫ বিধ চৰাই পোহপাল কৰি সেই চৰাইৰ অভিনৱ ব্যৱসায়ৰ লগতে বায়'ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে ৷ আনহাতে, দুই-তিনিজন যুৱকে বৰাৰ এই ফ্ৰামতে কাম কৰি পৰিয়াল পোহপাল দিবলৈও সক্ষম হৈছে ৷ ৰাজু বৰাৰ এই স্বাৱলম্বীতাক অঞ্চলৰ ৰাইজে একে মুখে শলাগ লৈছে ।

লগতে পঢ়ক : ৰাজ্যিক বিজেপিৰ ভাৰ্চুৱেল অসম জন সম্বোধন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.