ETV Bharat / state

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

author img

By

Published : Nov 18, 2020, 5:36 PM IST

সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে চামগুৰিত সাংবাদিকৰ প্ৰতিবাদ ৷ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু আৰু মিৰ্জাৰ সাংবাদিক মিলন মহন্তক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠনেও নামি পৰিছে প্ৰতিবাদত ৷ বুধবাৰে নগাঁৱৰ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে জুৱাৰ কলিয়াবৰ জিলা সমিতিয়ে ৷

as_smg_protest_against_journalist_attack_img_asc10079
সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

চামগুৰি,18 নৱেম্বৰ: ৰাজ্যত দিনে দিনে বাঢ়ি আহিছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ এজনৰ পাছত আন এজন সাংবাদিকক টাৰ্গেত কৰি লৈছে একাংশই ৷ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু আৰু অসমীয়া প্ৰতিদিন কাকতৰ মিৰ্জাৰ সাংবাদিক মিলন মহন্তক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ পাছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ সাংবাদিক সকলৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনেও নামি পৰিছে প্ৰতিবাদত ৷ সাংবাদিক সকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত ৰাজ্যৰ সাংবাদিক সকলে প্ৰতিবাদ কৰি আহিছে ৷

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা আৰু মিলন মহন্তক শাৰীৰিক ভাৱে অপদস্থ কৰা ঘটনাৰ উচিত তদন্ত বিচাৰি বুধবাৰে নগাঁৱৰ চামগুৰিত অনুষ্ঠিত হয় এক প্ৰতিবাদী কাৰ্যসূচী। জুৱাৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত চামগুৰিত বহু সংখ্যক সাংবাদিক একগোট হৈ দুয়োটা ঘটনাৰে উচিত তদন্ত বিচাৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

লগতে পঢ়ক: গোলাঘাটত CPI,CPI(M) আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.