কলিয়াবৰ, 19 মাৰ্চঃ নগাঁৱৰ কলিয়াবৰ আৰক্ষী নিৱেশ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী AS-03T-3725 নম্বৰৰ এখন তীব্ৰবেগী এল্ট' বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় ৷ লগে লগে বাহনখনত থকা ৰশ্মি শৰ্মা নামৰ মহিলাগৰাকীৰ মৃত্যু হয় ৷ আনহাতে চালকসহ আন তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ আহতসকলক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আহতকেইজনৰ সংকটজনক অৱস্থাত থকা শৰৎ শৰ্মা নামৰ লোকজনক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷
উল্লেখ্য যে,দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা এটি বিদেশী কুকুৰো আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ ইতিমধ্যে কুকুৰটোৰো উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ মৃত ব্ৰইলাৰৰ দুৰ্গন্ধত অতিষ্ঠ কামপুৰবাসী