ETV Bharat / state

নগাঁৱত নৱম শতিকাৰ ব্ৰজনাথৰ মূৰ্তি প্ৰদৰ্শন - নগাঁও সাংস্কৃতিক প্ৰকল্প

শনিবাৰে সন্ধিয়া নগাঁও সাংস্কৃতিক প্ৰকল্পৰ কাষতে থকা নগাঁও সাহিত্য ভৱনত নৱম শতিকাতে কোনো অজ্ঞাত ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা ভগৱান শ্ৰীকৃষ্ণৰ এক মূৰ্তি প্ৰদৰ্শন কৰে নগাঁৱৰ চিত্ৰ-ভাস্কৰ্য শিল্পী বিজয় ভূঞাই ৷

নগাঁৱত নৱম শতিকাৰ ব্ৰজনাথৰ মূৰ্তি প্ৰদৰ্শন

author img

By

Published : Feb 28, 2021, 10:32 PM IST

নগাঁও, 28 ফেব্ৰুৱাৰী: নৱম শতিকাতে কোনো অজ্ঞাত ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা ভগৱান শ্ৰীকৃষ্ণৰ এক মূৰ্তি মেৰামতি কৰি প্ৰদৰ্শন কৰে নগাঁৱৰ এগৰাকী চিত্ৰ-ভাস্কৰ্য শিল্পীয়ে । এই শিল্পী গৰাকীৰ নাম হৈছে বিজয় ভূঞা । শনিবাৰে সন্ধিয়া নগাঁও সাংস্কৃতিক প্ৰকল্পৰ কাষতে থকা নগাঁও সাহিত্য ভৱনত এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে শিল্পী গৰাকীয়ে ৷

উল্লেখ্য যে, বৰোদাৰ মহাৰাজা শায়াজীৰাও গাইকোৱাড শিক্ষানুষ্ঠানৰ পৰা ফাইন আৰ্টচত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা এই চিত্ৰ-ভাস্কৰ্য শিল্পী ভূঞাই ভাৰতবৰ্ষৰ বহু চিত্ৰ-ভাস্কৰ্যৰ শিক্ষানুষ্ঠানত আৰু সংগ্ৰহালয়ত প্ৰাচীন সামগ্ৰী কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ প্ৰশিক্ষণ লৈছিল । তেওঁ মাজুলী, পাঠশালা আদিত পুৰণি গছৰ চিকিৎসা কৰি সংৰক্ষণ কৰা, আলিপুখুৰী সত্ৰ, কোবাই কটা সত্ৰ, লেতেৰী শলগুৰি সত্ৰ, বালি সত্ৰ, কলিয়া গোসাই থান, ভোগবাৰী সত্ৰ, ন সত্ৰ আদি বিভিন্ন সত্ৰত গৈ সেই সত্ৰ সমূহত থকা প্ৰাচীন সম্পদ সমূহ পৰিস্কাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।

নগাঁৱত নৱম শতিকাৰ ব্ৰজনাথৰ মূৰ্তি প্ৰদৰ্শন
নগাঁৱত নৱম শতিকাৰ ব্ৰজনাথৰ মূৰ্তি প্ৰদৰ্শন

লগতে ভূঞাই কয় যে, ঐতিহ্যমণ্ডিত সম্পদ সমূহ সংৰক্ষণ কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব । কাৰণ ইয়াত আমাৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতি জড়িত হৈ থাকে। আমাৰ এই প্ৰাচীন সম্পদ সমূহেই আমাৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক।

লগতে পঢ়ক: সংকটৰ গৰাহত ভোগদৈ নৈ: স্থানীয় লোকৰ পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.