নিউজ ডেক্স,25 জানুৱাৰীঃ শনিবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটদাতা দিৱস ৷ ভাৰতত প্ৰতি বছৰে ২৫ জানুৱাৰী তাৰিখে পালন কৰা হয় এই দিৱস ৷ ২০১১ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰতৰ নিৰ্বাচনী আয়োগৰ ৬১তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এই দিৱসৰ আনুষ্ঠানিক পাতনি মেলিছিল ৷ এইবাৰৰ এই দিৱসৰ প্ৰসঙ্গ হ'ল "নিৰ্বাচনী সাক্ষৰতা, গণতান্ত্ৰিক সবলতা"।
সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো আজি কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় দশম ৰাষ্ট্ৰীয় ভোটদাতা দিৱস ৷ কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া বিতুপন নেওগৰ পৌৰহিত্যত অনুষ্ঠিত এই ভোটদাতা দিৱসত নতুন ভোটাৰক একোখন গামোচাৰে আদৰণি জনায় মহকুমা প্ৰশাসনে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক ড৹ দিলীপ সোণোৱালে গণতান্ত্ৰিক ব্যৱস্থাত ভোটদাতাৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বক্তব্য ডাঙি ধৰে ৷ সভাত ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্য শক্তিশালী কৰাৰ বাবে ভোটদান, নিকা নিৰ্বাচন পৰিচালনা আৰু অংশগ্ৰহণৰ শপত বাক্য পাঠ কৰায় জিলা নিৰ্বাচনী বিষয়া বিতুপন নেওগে ৷
সমান্তৰালকৈ, বিলাসীপাৰাতো জিলা নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্মা পৌৰহিত্যত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় ভোটদাতা দিৱস ৷ উক্ত অনুষ্ঠানত নতুন ভোটাৰ সকলক একোখন গামোচাৰে আদৰণি জনায় মহকুমা প্ৰশাসনে । লগতে এই সভাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে নিৰ্বাচিত গীত পৰিৱেশন কৰে । উক্ত সভাত বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া, ৰাজনৈতিক দল, নতুন ভোটাৰ উপস্থিতত ভোটা দাতা সকলক শপত বাক্য পাঠ কৰোৱা হয় ৷
লগতে পঢ়ক-বাজেট, 2020: সুতৰ আয়ৰ বৃদ্ধি হোৱাত ৰেহাইৰ হাৰ লাঘৱত হাহাকাৰ