ETV Bharat / state

মহিলা বিষয়াই চলাইছে ৰাজ্যৰ এখন জিলা... - মৰিগাঁও জিলা প্ৰশাসন

মৰিগাঁও জিলা (Morigaon District)ত মহিলা প্ৰশাসক (Women Administrator)ৰ দ্বাৰা পৰিচালিত হয় প্ৰশাসনীয় কাম-কাজ ৷ জিলাখনৰ মুঠ দহ লক্ষাধিক জনতাৰ শাসনভাৰৰ দায়িত্ব গ্ৰহণ কৰি আছে সুদক্ষ মহিলা প্ৰশাসকসকলে । এই সন্দৰ্ভত ইটিভি ভাৰত (ETV Bharat)ৰ এক বিশেষ প্ৰতিবেদন...

women-administrators-of-morigaon
মহিলা প্ৰশাসকৰ অভিকেন্দ্ৰ
author img

By

Published : Jul 18, 2021, 8:12 PM IST

মৰিগাঁও, 18 জুলাই : নাৰীৰ শক্তিপীঠ মৰিগাঁও জিলা (Morigaon District) ৷ মহিলা প্ৰশাসক (Women Administrator)ৰ অভিকেন্দ্ৰ হৈ পৰিছে জিলাখন ৷ মহিলাৰ দ্বাৰা পৰিচালিত মৰিগাঁও জিলাত প্ৰশাসনীয় বিভাগসমূহৰ প্ৰায়ভাগ মুৰব্বীয়েই হৈছে মহিলা ৷ উপায়ুক্ত (DC)ৰ পৰা আৰক্ষী অধীক্ষক (SP)লৈ, আৰক্ষী অধীক্ষকৰ পৰা চক্ৰ বিষয়া (Circle Officer)লৈ জিলাখনত অধিষ্ঠিত হৈ আছে কেৱল মহিলা প্ৰশাসক ।

আনহাতে, শিক্ষা বিষয়াৰ পৰা সহকাৰী আয়ুক্তলৈকে সুদক্ষ মহিলা প্ৰশাসকে অতি বিচক্ষণতাৰে জিলাখনৰ সৰ্বাংগীণ কাম-কাজ পৰিচালনা কৰি আছে ৷ জিলাখনৰ মুঠ দহ লক্ষাধিক জনতাৰ শাসনভাৰ গ্ৰহণ কৰি আছে এইসকল সুদক্ষ মহিলা প্ৰশাসকে । জিলাখনৰ উপায়ুক্তৰ দায়িত্বত আছে সীমাৰেখা ভূঞা (Seema Rekha Bhuyan) ৷

মহিলা প্ৰশাসকৰ অভিকেন্দ্ৰ

জিলাখনৰ অন্য়ান্য প্ৰশাসনীয় কাম-কাজৰ লগতে ক’ভিড (Covid) পৰিস্থিতিৰে মোকাবিলা কৰি আছে উপায়ুক্তগৰাকীয়ে ৷ জিলাখনত উপায়ুক্তৰ পদত কাম কৰি কোনো অসুবিধাৰ হোৱা নাই উপায়ুক্ত সীমাৰেখা ভূঞাৰ ৷ পৰিস্থিতিৰ তাগিদা থাকিলে সকলোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কৰা উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক পদত নিযুক্ত হৈ আছে আইপিএছ বিষয়া অপৰ্ণা নটৰাজন (IPS Aparna Natarajan) ৷ পুৰুষ বিষয়া বা মহিলা বিষয়া বুলি সম্বোধন কৰাৰ পৰিৱৰ্তে কেৱল বিষয়া বুলি কোৱাতহে সমৰ্থন আগবঢ়ায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ জিলাখনত মহিলা প্ৰশাসকৰ সংখ্যা অধিক হোৱাৰ বাবে ইয়াক লৈ জিলাখনৰ মহিলাসকল আত্মবিশ্বাসী হোৱা উচিত বুলি সদৰী কৰে আৰক্ষী অধীক্ষক নটৰাজনে ৷

পূৰ্বতকৈ দেশত সবল হৈছে নাৰী সমাজ ৷ পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে অতি দৃঢ়তাৰে কাম কৰি আছে মহিলা বিষয়াসকল ৷ মৰিগাঁও জিলাৰ ৰাজহ চক্ৰ বিষয়াগৰাকী হৈছে মুনমী কলিতা (Munmi Kalita) ৷ আজিৰ সময়চোৱাত পুৰুষ আৰু মহিলাৰ মাজত কোনো বিভেদ নোহোৱাকৈ মহিলাসকল আগবাঢ়ি অহাতো নৱপ্ৰজন্মৰ বাবে এক উদাহৰণস্বৰূপ ৷

ইটিভি ভাৰত (ETV Bharat)ৰ সাংবাদিকৰ আগত এইদৰে মন্তব্য আগবঢ়ায় ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৷ মৰিগাওঁ জিলাৰ এইসকল মহিলা প্ৰশাসকৰ লগতে শিক্ষা বিভাগতো নিয়োগ কৰা হৈছে একাধিক মহিলাক ৷ গতিকে মহিলা প্ৰশাসকসকলৰ নিযুক্তিয়ে জিলাখনত নৱপ্ৰজন্মৰ মাজত নিশ্চয়কৈ প্ৰভাৱ পেলাব ৷

লগতে পঢ়ক : ক'ভিডত স্বামীহাৰা হোৱা মহিলাই লাভ কৰিলে বিশেষ সাহাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.