ETV Bharat / state

এটিএম কাৰ্ডৰ সাল সলনিৰে গ্ৰাহকৰ ধন লুটৰ প্ৰৱঞ্চনাত এইবাৰ মহিলা

author img

By

Published : Jul 24, 2020, 6:44 PM IST

এটিএম কাৰ্ডৰ সাল সলনিৰে গ্ৰাহকৰ পৰা ধন লুটৰ প্ৰৱঞ্চনাত এইবাৰ নামি পৰিছে মহিলা । অলপতে এনে এক প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হ'ল মৰিগাঁৱত । এটিএমৰ পৰা ধন উলিয়াবলৈ অহা এগৰাকী মহিলাক সহায় কৰাৰ চলেৰে কাষলৈ আহি আন এগৰাকী বোৰ্খা পৰিহিত মহিলাই সালসলনি কৰি লৈ গ'ল মহিলা গৰাকীৰ এটিএম । পুনৰ ধন উলিয়াব বিচৰাতহে পোহৰলৈ আহিল এই ঘটনা ।

Woman cheats on another to collect money from ATM
এটিএম কাৰ্ডৰ সাল সলনিৰে গ্ৰাহকৰ ধন লুটৰ প্ৰবঞ্চনাত এইবাৰ মহিলা

মৰিগাঁও,২৪ জুলাই: এগৰাকী আশা কৰ্মীৰ বেংক একাউণ্টৰ পৰা হৰলুকি হ'ল ২৬,০০০টকা। এইধন সৰকাই নিলে প্ৰৱঞ্চকৰ দলে। আশাকৰ্মী গৰাকীয়ে তেওঁৰ এটিএমখন স্বামীক দি পঠাইছিল ধন উলিয়াবৰ বাবে । যেতিয়া স্বামীয়ে প্ৰয়োজনীয় ধন উলিয়াব নোৱাৰি জমা ধনৰ পৰিমাণ দেখিলে,তেতিয়াহে নিশ্চিত হ'ল কোনো দুষ্ট চক্ৰই ধন সমূহ উলিয়াই নিয়াৰ কথা ।

ঘটনাটো এনে ধৰণৰ । মৰিগাঁৱৰ আনজাৰা বেগম নামৰ এগৰাকী আশাকৰ্মীয়ে টকা উলিয়াবলৈ বুলি শাৰী পাতিছিল এটা এটিএম মেচিনৰ সন্মুখত । কাষতে থকা আন এগৰাকী বোৰ্খা পৰিহিত মহিলাই আশাকৰ্মী গৰাকীক সহায়ৰ চলেৰে আগবাঢ়ি আহিছিল। বোৰ্খা পৰিহিত মহিলা গৰাকীয়ে সহায় কৰিলে ঠিকেই,কিন্তু অতি চতুৰতাৰে আশাকৰ্মী গৰাকীৰ এটিএমখন সলনি কৰি দি থৈ গ'ল মফিজুদ্দিন নামেৰে থকা আন এখন এটিএম কাৰ্ড ।

বৃহস্পতিবাৰে আশাকৰ্মী গৰাকীয়ে স্বামীক এটএম কাৰ্ডখন দি বজাৰলৈ পঠাওতেহে প্ৰৱঞ্চকে মুঠ ২৬,০০০ টকা সৰকাই নিয়াৰ কথা জ্ঞাত হ'ল । গতিকে এতিয়াৰে পৰা আপুনিও হওক অধিক সতৰ্ক । এতিয়া মহিলা প্ৰৱঞ্চকো নামি পৰিছে আপোনাৰ কষ্টোপাৰ্জিত ধন খিনি সৰকাই নিবৰ বাবে। আপোনাৰ অলপ অসাৱধনতাৰ পৰিণতিত উদং হ'ব পাৰে বেংকত জমা থকা কষ্টোপাৰ্জিত সকলো ধন ।

লগতে চাওকঃ কলাইগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.