ETV Bharat / state

নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ - নিৰ্বাচনী আয়োগে তিৱা স্বায়ত্বশাসন পৰিষদৰ আইন উলংঘা কৰিছে

অসম নিৰ্বাচনী আয়োগে তিৱা স্বায়ত্বশাসন পৰিষদৰ আইন উলংঘা কৰিছে বুলি অভিযোগ সংগঠনটোৰ বিষয়ববীয়াৰ ৷ যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে সংগঠনটোৱে ৷

tiwa-student-union-challenge-to-assam-election-commission
নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ
author img

By

Published : Nov 21, 2020, 8:10 AM IST

মৰিগাঁও, 21 নৱেম্বৰ: তিৱা স্বায়ত্ব পৰিষদ বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত চাৰিদফীয়া প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি অসম নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ ৷ শুকুৰবাৰে মৰিগাঁৱত সংবাদমেল সম্বোধন কৰি সোণোৱাল চৰকাৰ আৰু অসম নিৰ্বাচনী আয়োগক কটু ভাষাৰে সমালোচনা কৰে সংগঠনটোৱে ৷ আয়োগে তিৱা স্বায়ত্বশাসন পৰিষদৰ আইন উলংঘা কৰিছে বুলি অভিযোগ সংগঠনটোৰ বিষয়ববীয়াৰ ৷ যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে সংগঠনটোৱে ৷ মধ্য অসমৰ সকলো জাতি-জনগোষ্ঠীকে এই কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনাইছে সদৌ তিৱা ছাত্ৰ সন্থাই ৷ প্ৰতিবাদী কাৰ্যসূচী অনুসৰি-

নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ

1. 23 নবেম্বৰৰ পুৱা 5 বজাৰ পৰা 12 ঘন্টীয়া মধ্য অসম বন্ধ পালন ৷

2. 26 নবেম্বৰৰ পুৱা 5 বজাৰ পৰা 24 ঘণ্টীয়া মধ্য অসম বন্ধ পালন ৷

3. 1 ডিচেম্বৰৰ পুৱা 11 বজাৰৰ পৰা নেলী মকৰীয়াত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ ৷

4. 5 ডিচেম্বৰত পুৱা 5 বজাৰ পৰা 36 ঘণ্টীয়া মধ্য অসম বন্ধ পালন ৷

চৰকাৰে তিৱা সংগঠনৰ দাবীসমূহ নামানিলে পৰবৰ্তী সময়ত অৰ্থনৈতিক অৱৰোধ আৰু ৰেল অৱৰোধেৰে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷ সংবাদমেল সম্বোধন কৰি তথা এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চেনীৰাম মালাঙে ৷

লগতে পঢ়কঃ ইকো এগ্ৰো পৰ্যটনৰ সু-সমন্বয়েৰে জন্ম হ'ল "পাগলাদিয়া ৰিজৰ্ট"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.