ETV Bharat / state

Press Meet of Tiwa organization :দাবী পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ তিৱা সংগঠনৰ - সদৌ তিৱা সুৰক্ষা সমিতি

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা আৰু সদৌ তিৱা সুৰক্ষা সমিতিৰ সংবাদমেল সম্বোধন । মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাৰ দাবী সমূহ ৩১ অক্টোবৰৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ দাবী ।

Press Meet of Tiwa organization in Marigaon
সদৌ তিৱা ছাত্ৰ সন্থা
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:24 PM IST

সদৌ তিৱা ছাত্ৰ সন্থা

মৰিগাঁও, ৮ ছেপ্টেম্বৰ:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে হোৱা আলোচনাৰ দাবী সমূহ অহা ৩১ অক্টোবৰৰ ভিতৰত কাৰ্যকৰী নকৰিলে পুনৰ মধ্য অসম বন্ধৰ দৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিছে সদৌ তিৱা ছাত্ৰ সন্থা আৰু সদৌ তিৱা সুৰক্ষা সমিতিয়ে । শুক্ৰবাৰে মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা আৰু সদৌ তিৱা সুৰক্ষা সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি এইদৰে হুংকাৰ দিয়ে।

উল্লেখ্য় যে তিৱা তথা খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ উমৈহতীয়া অমীমাংসিত মৌলিক সমস্যা সমূহ সমাধানৰ প্ৰতি চৰকাৰে যথোচিত গুৰুত্ব নিদিয়াত ক্ষুন্ন হৈ সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে সদৌ তিৱা সুৰক্ষা সমিতিকে ধৰি কেইবাটাও সংগঠনে মধ্য অসম বন্ধৰ দৰে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল । ইয়াৰ পিচতেই মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ মধ্যস্থতাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোৱা ২৭ আগষ্টত আন্দোলন কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ স্বাৰ্থত তিৱা সংগঠন সমূহৰ সৈতে আলোচনাত মিলিত হৈছিল ।

লগতে পঢ়ক:Bhupen Hazarika: জালুকবাৰীৰ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ অনুষ্টুপীয়া অনুষ্ঠান; মন্তব্য প্ৰদানৰ পৰা বিৰত সাংস্কৃতিক মন্ত্ৰী

সৌহাৰ্দ্য়পূৰ্ণ আলোচনাৰ বাবে আন্দোলনৰ কাৰ্যসূচী সমূহ স্থগিত ৰখা সন্দৰ্ভত আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি সদৌ তিৱা ছাত্ৰ সন্থা আৰু সদৌ তিৱা সুৰক্ষা সমিতিৰ নেতৃত্ব‌ই বিষয়সমূহ ৰাজহুৱা কৰে । আনহাতে, মেঘালয়ত বসবাস কৰা তিৱা সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে বিষয়টো আলোচনা কৰিবলৈ অনুৰোধ জনাই । যদি ৩১ অক্টোবৰৰ ভিতৰত তিৱা সংগঠনসমূহৰ জাতীয় স্বাৰ্থ জড়িত ন্যায্য় দাবী সমূহৰ কাৰ্যকৰী নকৰে তেতিয়াহ'লে পুনৰ মধ্য অসম বন্ধৰ দৰে চৰম গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাঙে ।

লগতে পঢ়ক:Burmese supari seized at Merapani : সৰবৰাহকাৰীসহ মেৰাপানী সীমান্তত জব্দ বাৰ্মিজ চুপাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.