ETV Bharat / state

মৰিগাঁৱত সামাজিক মাধ্যমত এহাজাৰ টকীয়া বিতৰ্ক - লক ডাউন

মৰিগাঁও দেওশাল গাঁও পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে চ'ছিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে । জাগীৰোড পেপাৰ মিলৰ এজন কৰ্মচাৰীক লক ডাউনৰ এক হাজাৰ টকীয়া সাহাৰ্য প্ৰদান কৰিছিল পঞ্চায়ত সভানেত্ৰী সুশীলা বড়ো ডেকাই ।

thousand-rupees-controversy-in-morigaon
মৰিগাঁৱত সামাজিক মাধ্যমত এহাজাৰ টকীয়া বিতৰ্ক
author img

By

Published : Apr 25, 2020, 10:51 AM IST

মৰিগাঁও, 25 এপ্ৰিল : ৰাজ্যত লক ডাউনৰ সময়চোৱাত ৰেচন কাৰ্ড নথকা হিতাধিকাৰীক এক হাজাৰ টকাকৈ দিয়া সাহাৰ্য প্ৰদানত একাংশ পঞ্চায়তৰ সভাপতি/সভানেত্ৰীয়ে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগৰ বাতৰি পোহৰলৈ আহিছে ৷ তেনে সময়ত এই সাহাৰ্যৰ ধন বিতৰণৰ প্ৰসংগত মৰিগাঁও দেওশাল গাঁও পঞ্চায়ত সভানেত্ৰী সুশীলা বড়ো ডেকাই চ'ছিয়েল মিডিয়াত তেখেতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে । শাসকীয় দলৰ সভানেত্ৰী গৰাকীৰ জনপ্ৰিয়তাক ম্লান কৰাৰ বাবে বিৰোধী দলৰ অভিসন্ধি বুলি বুধবাৰে মন্তব্য কৰে পঞ্চায়তখনৰ সভানেত্ৰী তথা পঞ্চায়তখনৰ একাংশ ৰাইজে ।

মৰিগাঁৱত সামাজিক মাধ্যমত এহাজাৰ টকীয়া বিতৰ্ক

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱৰ দেওশাল গাঁও পঞ্চায়ততো গাঁও পঞ্চায়তৰ পৰা বিতৰণ কৰা এক হাজাৰ টকীয়া সাহাৰ্য দিয়াত বৈষম্য হোৱা বুলি একাংশই অভিযোগ উত্থাপন কৰিছিল সামাজিক মাধ্যম যোগে । সেয়েহে পঞ্চায়ত সভানেত্ৰী সুশীলা বড়ো ডেকাই নিজৰ মন্তব্য দাঙি ধৰি এয়া এক অভিসন্ধি তথা চৰকাৰী নীতি নিয়ম অনুসৰিয়েই চৰকাৰী সাহাৰ্য বিতৰণ কৰা হৈছে বুলি ভাষ্য আগবঢ়ায় ৷

আনহাতে একেই মন্তব্য পঞ্চায়তখনৰ সচেতন লোকৰো । ৰাইজৰ মতে শাসকীয় বিজেপি দলৰ সভানেত্ৰী গৰাকীৰ জনপ্ৰিয়তাক একাংশ বিৰোধী দলৰ লোকে উদ্দেশ্য প্ৰণোদিত ভাৱে সামাজিক মাধ্যমত এই অপপ্ৰচাৰ চলাইছে ।

লগতে পঢ়ক : 9গৰাকীকৈ চিআৰপিএফ কৰ'ণা ভাইৰাছত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.