মৰিগাঁও, 28 জানুৱাৰী: বুধবাৰে নিশা মৰিগাঁও জিলাৰ মৈৰাবৰীত ঘেৰাও ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৷ ৰাজপথত আগভেটী ধৰিলে একালৰ সতীৰ্থ তথা এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা ৰফিকে ৷ ৰফিকৰ অভিযোগ ধাৰলৈ লোৱা ধন পৰিশোধ কৰা নাই বিধায়ক আমিনুল ইছলামে ৷ দহ বছৰ পূৰ্বে বিলাসী বাহন ক্ৰয় কৰাৰ বাবে 3.50 লাখ টকা ধাৰলৈ লৈছিল,বিনিময়ত ডাঙৰ কাম দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু দহবছৰ উকলি গ'ল টকাও নিদিলে আৰু কামো নিদিলে ৷
উপায়ন্তৰ হৈ ধন বিচাৰি ঘৰলৈ যোৱা আৰম্ভ কৰিলে ৰফিকে ৷ কিন্তু ঘৰত কোনো দিনে লগ নাপাই বিধায়ক গৰাকীক ৷ কেতিয়াবা যদি গুৱাহাটীত কেতিয়াবা আকৌ ধিঙত থকা বুলি মিছা মাতে ৷ সেয়েহে বুধবাৰে নিশা ধিঙৰ ৰাজপথতে আগভেটী ধৰি টকা ঘূৰাই বিচাৰিলে বিধায়ক গৰাকীৰ পৰা ৷ কিন্তু টকা দিবলৈ অমান্তি হয় বিধায়ক আমিনুল ইছলামে ৷ দেহৰক্ষীৰ জৰিয়তে ৰফিকক আঁতৰাই সেই স্থানৰ পৰা পলায়ন কৰে বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়ক: কলিয়াবৰত নিৰ্ধাৰিত কাৰ্যসূচীৰ পূৰ্বে কিয় উপস্থিত হ’ল হিমন্ত বিশ্ব শৰ্মা !