মৰিগাঁও, 3 নৱেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ হাহঁচৰা বড়ীত অনুস্থিত ক্ৰিকেটৰ ফাইনেল খেলখনত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ থ্ৰ' বলিঙক কেন্দ্ৰ কৰি দুই দলৰ মাজত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি ৷
উত্তেজনাময় পৰিস্থিতিৰ বাবে বহু সময় ধৰি বন্ধ হৈ পৰিছিল খেলখন । ইফালে খেল অনুষ্ঠিত নোহোৱাত উত্তেজিত ৰাইজে খেলত ব্যবহৃত চকী সমূহ ভাঙি কৰিলে লণ্ডভণ্ড ৷ অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, ছৈয়দ মোদী সংঘ, দলৈগাঁও আৰু মিজান 11, দাতিয়ালবড়ীৰ মাজত অনুষ্ঠিত হৈছিল ক্ৰিকেটৰ এই ফাইনেল খেলখন । অৱশেষত খেল অনুষ্ঠিত নোহোৱাৰ বাবে টিকটৰ মূল্য ঘূৰাই দিবলৈ বাধ্য হয় খেল পৰিচালনা সমিতিয়ে ৷
লগতে পঢ়ক :COVID-19 প্ৰ'ট'কল মানি ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ