ETV Bharat / state

অবহেলিত হৈ ৰ'ল খাদ্য আন্দোলনৰ শ্বহীদৰ পৰিয়াল

author img

By

Published : Jun 11, 2020, 3:06 AM IST

আজিও ত্যাগৰ মূল্য নাপালে মৰিগাঁৱৰ শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াৰ পৰিয়ালে ৷ মৰিগাঁৱত ধৰ্মঘটত বহিল শ্বহীদ পৰিয়াল ৷

swahid family
swahid family

মৰিগাওঁ, 10 জুন : ১৯৭৪ চনৰ ১০জুন, ৰাজ্যত অব্যাহত ২১দফীয়া খাদ্য আন্দোলন। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত চলা এই আন্দোলনত জঁপিয়াই পৰিছিল মৰিগাঁও ভূৰবন্ধা ঔগুৰি হাইস্কুলৰ দুই ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়া। আৰক্ষী গুলীত নিহত হৈছিল অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ দুজন । কালক্ৰমত গঢ়ি উঠিল বিদেশী বিতাড়নৰ আন্দোলন।

swahid family
অবহেলিত হৈ ৰ'ল খাদ্য আন্দোলনৰ শ্বহীদৰ পৰিয়াল

ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে শাসন কৰিলে ৰাজ্য। আসম আন্দোলনৰ ৮৫৫জন শ্বহীদ আৰু শ্বহীদৰ পৰিয়ালক আগবঢ়ালে কেতবোৰ সা সুবিধা। পিছে চাৰিটা দশক পাৰ হৈ পাঁচ দশকত ভৰি দিয়াৰ পাচতো খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ পৰিয়ালে নাপালে ন্যায়। সেয়েহে ছাত্ৰ সংহতি দিৱসৰ দিনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন খাদ্য আন্দোলনৰ বীৰ শ্বহীদৰ পৰিয়ালৰ। ১৯৮৭ আগবঢ়োৱা মানপত্ৰ ঘূৰাই দিয়াৰ কথাও প্ৰকাশ কৰে পৰিয়াল দুটাই ৷

লগতে পঢ়ক : বৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.