ETV Bharat / state

হোলোং দ্যা থিয়েটাৰৰ নাট্য মহোৎসৱৰ সামৰণি

author img

By

Published : Feb 15, 2021, 7:32 AM IST

সাংস্কৃতিক চিন্তা-চেতনাৰে জন্ম লাভ কৰা হোলোং দ্যা থিয়েটাৰ নামৰ নাট্য গোষ্ঠীটোৱে মৰিগাঁৱৰ চৰাইবাহী সোণাই নৈৰ পাৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা তৃতীয় বাৰ্ষিক নাট্য মহোৎসৱৰ সফল সামৰণি পৰে ৷

হোলোং দ্যা থিয়েটাৰৰ নাট্য মহোৎসৱৰ সফল সামৰণি

মৰিগাঁও,15 ফেব্ৰুৱাৰী: দেওবাৰে মৰিগাঁৱৰ চৰাইবাহীৰ সোণাই নৈৰ পাৰত দুদিনীয়াকৈ অনুষ্ঠিত তৃতীয় বাৰ্ষিক নাট্য মহোৎসৱৰ সফল সামৰণি পৰে । সাংস্কৃতিক চিন্তা-চেতনাৰে জন্ম লাভ কৰা হোলোং দ্যা থিয়েটাৰ সম্প্ৰতি নাট্য সংস্কৃতি গোষ্ঠীটো নগৰাভিমুখী হৈছে । মাটি আৰু শিপাৰ সৈতে সম্পৰ্ক নোহোৱা হৈ গৈছে । সেয়ে পুৰণি সম্পৰ্কক পুনৰ সজীৱ কৰাৰ লক্ষ্যৰে বিগত দুবছৰে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত জাক-জমকতা বিহীনভাৱে গাঁৱৰ শ্ৰোতা-দৰ্শকক নাট্যৰসৰ সোৱাদ দিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে নাট্য গোষ্ঠীটোৱে ৷

মন কৰিবলগীয়া যে, নতুন নাটকৰ ধাৰণাৰ প্ৰতি সঁহাৰি জনাই দুদিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱত হোলোঙৰ মঞ্চত ৰাজ্যৰ বহুকেইজন বিশিষ্ঠ নাট্যকাৰৰ নাট্যদলে আহি অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজক আমোদ দিবলৈ সক্ষম হয় । হোলোং দ্যা থিয়েটাৰৰ অন্যতম উদ্যোক্তা প্ৰীতম যোগীয়ে জনাই যে, প্ৰতিদিনাই চাৰি-পাঁচখনকৈ নাট মঞ্চস্থ কৰি দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে নাট্যগোষ্ঠীটোৱে ৷

লগতে পঢ়ক: মৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.