মৰিগাওঁ,15 এপ্ৰিল: গৰু বিহুৰ দিনা বন্ধুৰ লগত গা ধুবলৈ গৈ গড়মাৰি পকৰীৱা বিলত কৰুণ মৃত্যুক সাৱতি ল’বলগীয়া হৈছে মৰিগাঁৱৰ এজন 13 বছৰীয়া ছাত্ৰই ৷ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত পিংকুৰাজ ডেকা নামৰ ছাত্ৰজনে গা ধুবলৈ গৈ বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ বৃহস্পতিবাৰে এছডিআৰএফ আৰু স্থানীয় ৰাইজৰ সহযোগত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷
মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ পহিলা ব’হাগৰ দিনা ছাত্ৰজনৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলায় ৷
লগতে পঢ়ক : একেটা পৰিয়ালৰ চাৰিজনকৈ সদস্যৰ সন্দেহজনক মৃত্যু