ETV Bharat / state

মৰিগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - মৰিগাঁৱৰ বানাক্ৰান্ত অঞ্চল

মৰিগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷

মন্ত্ৰী পীযুষ হাজৰিকা
মন্ত্ৰী পীযুষ হাজৰিকা
author img

By

Published : Sep 27, 2020, 4:52 PM IST

মৰিগাঁও, 27 ছেপ্তেম্বৰ: দেওবাৰে দক্ষিণ মৰিগাঁৱৰ বানাক্ৰান্তৰ কাষত উপস্থিত হ'ল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৷ বানাক্ৰান্তৰ মাজত সাহায্য প্ৰদান কৰিলে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, মৰিগাঁৱৰ জাগীৰোডৰ গোভা অঞ্চল বিগত তিনিদিন ধৰি বুৰি আছিল বানত ৷ দিশহাৰা হৈ পৰিছিল সৰ্বসাধাৰণ ৰাইজ ৷ এই সন্দৰ্ভত বাতৰি প্ৰচাৰৰ পাচতেই দেওবাৰে বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদানৰ বাবে উপস্থিত হয় ৰাজ্যিক মন্ত্ৰী গৰাকী ৷

মৰিগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

আনহাতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী আৰু মেঘালয়ত হোৱা প্ৰবল বৰষুণৰ ফলত গোভা মৌজাৰ অন্তৰ্গত পলাহগুৰি, গোভা, কুঠৰী, ডাৱৰঘাট আদি অঞ্চল বৰ্তমান বানৰ কবলত ৷ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে দেওবাৰে সেই বানাক্ৰান্ত অঞ্চলসমূহো পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক: কিলিং নৈৰ বাঢ়নী পানীয়ে বুৰাইছে মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.