ETV Bharat / state

Former tiwa student leader meeting: বিভাজনৰ পৰিৱৰ্তে জাতিৰ হকে কাম কৰাৰ আহ্বান

author img

By

Published : Nov 12, 2022, 8:36 PM IST

বিভাজিত সদৌ তিৱা ছাত্ৰ সন্থাক (All Tiwa Students Union) একত্ৰিত হ'বলৈ আহ্বান প্ৰাক্তন ছাত্ৰ নেতাৰ । এই উপলক্ষে মৰিগাঁৱত অনুষ্ঠিত হয় এখন বিশেষ অভিৱৰ্তন ।

Former tiwa student leader meeting
বিভাজনৰ পৰিৱৰ্তে জাতিৰ হকে কাম কৰাৰ আহ্বান

মৰিগাঁও, ১২ নৱেম্বৰ: শেহতীয়াকৈ বিভাজিত সদৌ তিৱা ছাত্ৰ সন্থাক (All Tiwa Students Union) একত্ৰিত কৰাৰ লক্ষ্যৰে শনিবাৰে মৰিগাঁও জিলাৰ পবিতৰাহাট প্ৰেক্ষাগৃহত এখন বিশেষ অভিৱৰ্তন অনুষ্ঠিত হয় (Special session of Tiwa organization)। উক্ত বিশেষ অভিৱৰ্তনত নেতাসকলে বিভাজনৰ পৰিৱৰ্তে জাতিটোৰ হকে কাম কৰিবলৈহে আহ্বান জনায় (Ex Tiwa Student Union leadermeeting at Marigaon) ।

এই অভিৱৰ্তনখন পৰিচালনা কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰশান্ত মছৰং, মৰিগাঁও জিলা সমিতিৰ সভাপতি অনুপম পাটৰ আৰু কামৰূপ জিলা সমিতিৰ সভাপতি গোপন দলৈয়ে । সভাখনত বহুকেইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই তিৱা ছাত্ৰ সন্থাৰ বিভাজনক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁলোকে এই সন্দৰ্ভত কয়, "তিৱা ছাত্ৰ সন্থাৰ একাংশ নেতৃত্বৰ বাবে আমি লাজ পাবলগীয়া হৈছে । এনে বিভাজিত ছাত্ৰ সংগঠনে কেতিয়াও জাতীয় সমস্যা সমাধান কৰিব নোৱাৰে ।"

এই অভিৱৰ্তনত প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰাক্তন তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তা, প্ৰাক্তন সভাপতি প্ৰহ্লাদ মছৰং, ৰিমল আমচি ভূপেন দাৰফাং, তিৱা স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰং,খগেন চন্দ্ৰ বৰদলৈকে ধৰি বহুকেইজন জ্যেষ্ঠ নেতাই সদৌ তিৱা ছাত্ৰ সন্থাৰ বিভাজিত নেতা-কৰ্মীক সমালোচনা কৰে (Former CEM of Tiwa Autonomous Council)। তেওঁলোকে সকলোকে একত্ৰিত আৰু ঐক্যবদ্ধ ভাৱে জাতিটোৰ উন্নয়নৰ লগতে সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনায় (Appeal for reunion of Tiwa student Union)।

লগতে পঢ়ক :APDCL Increases Electricity Charge: প্রতি ইউনিটত ১৫ পইচাকৈ বৃদ্ধি বিদ্যুৎ মাচুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.