ETV Bharat / state

দেওবাৰে পুনৰ অনুষ্ঠিত হ'ব বহু বিতৰ্কিত আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষা - si examination

দেওবাৰে পুনৰ অনুষ্ঠিত হ'ব আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষা ৷ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতে পূৰ্বতে বাতিল কৰিব লগা হোৱা পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে বিভাগীয় কৰ্তৃপক্ষ ৷ বৰ্তমানেও অব্যাহত আছে পূৰ্বতে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ তদন্ত ৷

দেওবাৰে পুনৰ অনুষ্ঠিত হ'ব বহু বিতৰ্কিত এচআই পৰীক্ষা

author img

By

Published : Nov 21, 2020, 10:16 PM IST

গুৱাহাটী, মৰিগাঁও, 21 নৱেম্বৰ : দেওবাৰে পুনৰ অনুষ্ঠিত হ'ব বহু বিতৰ্কিত আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষা ৷ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ পাছতে বৰ্তমানেও অব্যাহত আছে উক্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্ত ৷ প্ৰশ্ন কাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল কৰিব লগা হোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰীক্ষাৰ্থী সকলক আশ্বস্ত কৰি কৈছিল যে এই পৰীক্ষা নিৰ্ধাৰিত নীতি নিয়মৰ মাজেৰে পুনৰ অনুষ্ঠিত হ'ব ৷ সেই অনুসৰি 22 নৱেম্বৰত অৰ্থাৎ দেওবাৰে উক্ত পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা ৷

মৰিগাঁৱতো ছয়টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ মৰিগাঁৱৰ ছটা কেন্দ্ৰত দুপৰীয়া ভাগত প্ৰায় তিনি হাজাৰ প্ৰাৰ্থীয়ে উক্ত পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'ব বুলি জানিব পৰা গৈছে ৷ জিলা খনৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় , মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয় , মৰিগাঁও মহাবিদ্যালয় , মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ,ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ৷ এইবাৰৰ পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পৰিচালনা কৰাৰ পৰিৱৰ্তে বিদ্যালয়ৰ শিক্ষকসকলে পৰিদৰ্শক হিচাপে নিৰীক্ষণ কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:কাৰ্গিল বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ ৫০ সংখ্যক জন্মদিন উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.