ETV Bharat / state

মৰিগাঁৱত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিত ব্যাপক খেলিমেলি

author img

By

Published : May 27, 2020, 5:34 PM IST

মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ব্যাপক খেলিমেলি কৰা বুলি গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ কৃষক সন্মান নিধিৰ যোজনাৰ হিতাধিকাৰী বাচনি তালিকাত একাংশ দৰিদ্ৰ কৃষকৰ নামৰ বিপৰীতে একাংশ চৰকাৰী চাকৰি থকা পৰিয়ালক নাম সন্নিবিষ্ট কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে পঞ্চায়ত সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে ৷

ETV BHARAT
মৰিগাঁৱত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিত ব্যাপক খেলিমেলি

মৰিগাঁও, 27 মেঃ মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাঁও পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে সৰৱ একাংশ স্থানীয় ৰাইজ ৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিত ব্যাপক খেলিমেলি কৰা বুলি গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ব্যাপক খেলিমেলি কৰা বুলি গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ৷ শাসকীয় দলৰ সভানেত্ৰী সংস্কৃতা ৰাজগুৰুৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷ সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যোজনাৰ হিতাধিকাৰী বাচনি তালিকাত একাংশ দৰিদ্ৰ কৃষকৰ নামৰ বিপৰীতে একাংশ চৰকাৰী চাকৰি থকা পৰিয়ালক নাম সন্নিবিষ্ট কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে পঞ্চায়ত সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে ৷

আনহাতে, পঞ্চায়তখনৰ এই অভিযোগক পোন চাতেই নাকচ কৰিছে শাসকীয় দলৰ সভানেত্ৰী সংস্কৃতা ৰাজগুৰুৱে। সভানেত্ৰী গৰাকীৰ মতে এইয়া পঞ্চায়তৰ জৰিয়তে প্ৰস্তুত কৰা তালিকা নহয়। পঞ্চায়তলৈ এনে ধৰণৰ কৃষকৰ তালিকা প্ৰস্তুতৰ কোনো চৰকাৰৰ পৰা কোনো নিৰ্দেশ অহা নাই । লোক সকলে নিজা নিজা কৈ অনলাইন কেন্দ্ৰ বা পথাৰ পৰিচালনা সমিতিৰ দ্বাৰা আবেদন কৰা তালিকাহে আছিল বুলি সাংবাদিকৰ আগত সদৰি কৰে । আনহাতে, এই বিষয়ে জানিব পাৰি কৃষি বিভাগক শুদ্ধকৈ তালিকা প্ৰস্তুত কৰা বাবে জনোৱা হৈছে বুলি উল্লেখ সভানেত্ৰী সংস্কৃতা ৰাজগুৰুৰ ।মনকৰিবলগীয়া যে এনেদৰে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাত বুধবাৰে একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে পঞ্চায়ত কাৰ্যালয়ত সোচ্চাৰ হৈ পৰে সভানেত্ৰী গৰাকী । সভানেত্ৰী গৰাকীৰ বিৰুদ্ধ অপপ্ৰচাৰ চলোৱা দুষ্ট চক্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বিষয়ে সদৰি কৰি প্ৰশাসনক বিহিত ব্যৱস্থা লবলৈও আহ্বান জনাই সভানেত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক-কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 144 ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.