মৰিগাঁও, 4 আগষ্ট: মৰিগাঁৱত পত্নীক তিনি তালাক দি ৰঙাঘৰৰ আলহী হ'ল মৰিগাঁৱৰ এজন তথাকথিত প্ৰবক্তা । চাইফুদ্দিন আহমেদ নামৰ লোকজন হৈছে চৰাইবাহীৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ৷
পত্নী পাৰবিন আখতাৰ চৌধুৰীৰ গোচৰৰ ভিত্তিতেই সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাইফুদ্দিন আহমেদক । প্ৰবক্তা চাইফুদ্দিনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি R/W Sec-4, PRM Act 2019 ৰ আইনৰ অধীনত মৰিগাঁও আৰক্ষী থানাত 467 নম্বৰত গোচৰ ৰুজু কৰা হয় ।
উক্ত গোচৰৰ ভিত্তিতেই মৰিগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ 498(A)/307/387/324/325 ধাৰাৰ অধীনত অব্যাহত ৰাখিছে তদন্ত । মৰিগাঁও মিলনপুৰৰ তিনি নং ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰবক্তা চাইফুদ্দিনক । এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি মৰিগাঁৱত ।
লগতে চাওক-প্ৰেমিকাৰ অশ্লীল ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ প্ৰেমিক