ETV Bharat / state

মৰিগাঁৱত ৮৫ শতাংশৰে উজলিল হাবিজুল ইছলাম - হাই স্কুল শিক্ষান্ত পৰীক্ষা

আৰ্থিক দৈন্যতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫ শতাংশৰে উজলিল হাবিজুল ইছলাম ৷ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সখ্যাতিৰে উত্তীৰ্ণ হোৱাত শিক্ষা-গুৰুসকলৰ লগতে স্থানীয় ৰাইজে প্ৰশংসা কৰিছে হাবিজুল ইছলামক ৷

Poor Students Passed With 85% In HSLC exam in Marigaon
মৰিগাঁৱত ৮৫ শতাংশৰে উজলিল হাবিজুল ইছলাম
author img

By

Published : Jun 13, 2020, 7:57 PM IST

মৰিগাঁও,13 জুনঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে হাবিজুল ইছলাম নামৰ ছাত্ৰজনে ৷ ৮৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় হাবিজুল ইছলাম ৷

মৰিগাঁৱত ৮৫ শতাংশৰে উজলিল হাবিজুল ইছলাম

দৰিদ্ৰতা কেতিয়াও সফলতাত হেঙাৰ হ'ব নোৱাৰে,এই কথা পুণৰবাৰ প্ৰমাণ কৰি দেখুৱালে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ হাইস্কুলৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হাবিজুল ইছলামে ৷ হাবিজুলৰ ঘৰ মৈৰাবাৰীৰ 2 নং বৰচলা অতি পিছ পৰা অঞ্চলত । পিতৃ আৰচব আলীয়ে দিন হাজিৰা কৰি কোনোমতে পোহপাল দি আহিছে দৰিদ্ৰ পৰিয়ালটো। চহৰীয়া গাঁও আদৰ্শ হাইস্কুলত অধ্যয়ন কৰা ছাত্ৰজনে দুবেলা দুসাজ ভালদৰে খোৱাৰো সৌভাগ্য হোৱা নাছিল । ঘৰৰ নামত এখন জৰাজীৰ্ণ চালিৰ তলতেই পঢ়িছিল হাবিজুল ইছলামে । কিন্ত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৮৫ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে ৷ এনে পৰিৱেশৰ মাজত থাকিও হাবিজুলৰ এই সাফল্যই অঞ্চলটোৰ ৰাইজৰ লগতে আৰু শিক্ষাগুৰু সকলৰ আৰু পৰিয়ালটো আনন্দিত হৈ পৰিছে । এজন সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে হাবিজুল ইছলামে । কিন্তু ছাত্ৰ জনে উচ্চ শিক্ষা লাভ কৰাবলৈ পৰিয়ালটোৰ নাই আৰ্থিক সামৰ্থ । যাৰ বাবে হাবিজুল ইছলামৰ শিক্ষক,পিতৃ -মাতৃৰ লগতে স্থানীয় ৰাইজে মেধাৱী ছাত্ৰজনক সহায় কৰাৰ বাবে ৰাইজৰ লগতে চৰকাৰলৈ আহ্বান জনাইছে । তাৰোপৰি ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ছাত্ৰ জনৰ ভৱিষ্যত কথা চিন্তা কৰি আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা কৰি দিবলৈ দৰিদ্ৰ পৰিয়ালটোৱে কাতৰভাৱে আহ্বান জনাইছে ৷

লগতে পঢ়ক- কোনে শুনিব বৰপেটাৰ কবিতা লহকৰ আৰু তেওঁৰ সন্তানৰ আৰ্তনাদ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.