ETV Bharat / state

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ক'ভিড বিভাগ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন

মৰিগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা ৷ বিধায়ক ৰমাকান্ত দেউৰী আৰু ডাঃ আচিফ নাজাৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ক'ভিড বিভাগ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷

Morigaon
মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ক'ভিড বিভাগ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
author img

By

Published : May 16, 2021, 12:17 PM IST

মৰিগাঁও, ১৬ মে': সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী ক'ভিডৰ দ্বিতীয়টো ঢৌৱে । ৰাজ্যৰ আন আন জিলাৰ লগতে মৰিগাঁও জিলাতো বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ । শনিবাৰে জিলাখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় জলসম্পদ, জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকা । জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হয় । এই বৈঠকৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জিলাখনত ক’ভিড হাস্পতালৰ বিচনা, অক্সিজেন, কিমান মানুহক প্ৰতিষেধক প্ৰদান কৰা হৈছে, হোম আইচ'লেশ্যনত কিমান লোক আছে আৰু তেখেতসকলৰ ঔষধ যোগান ধৰা আদি বিভিন্ন দিশৰ বুজ লয় ।

Morigaon
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠক

মন্ত্রীগৰাকীয়ে হোম আইচ'লেশ্যনৰ ওপৰত অধিক নজৰ ৰাখিবলৈ নিৰ্দেশ দি কয় যে, হোম আইচ'লেশ্যন ভালদৰে নিৰীক্ষণ নকৰিলে ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ হাৰ কমোৱাটো সম্ভৱ নহয় । ৫০ ৰ উৰ্ধৰ ক’ভিড পজিটিভ ব্যক্তিক বাধ্যতামূলকভাৱে হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে ক’ভিড পৰীক্ষাৰ হাৰ আৰু প্ৰতিষেধক প্ৰদানৰ হাৰ বৃদ্ধি কৰিবলৈ মন্ত্ৰী গৰাকীয়ে পৰামৰ্শ দিয়ে । চিকিৎসক সকলৰ লগতে গাওঁ পঞ্চায়তৰ সভাপতি, সদস্য তথা আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্যবৃন্দ, গাওঁবুঢ়া, সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতেও আলোচনাত মিলিত হৈ সজাগতা বৃদ্ধিৰ বাবে জিলা উপায়ুক্তক মন্ত্ৰী গৰাকীয়ে পৰামৰ্শ প্ৰদান কৰে ৷

আনহাতে, বাৰিষাৰ পূৰ্বে বানপানী ৰোধৰ বাবে ব্যৱস্থা ল’বলৈ আৰু আধৰুৱা হৈ থকা কামসমূহ সমাপন কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলকো নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই । আলোচনাৰ অন্তত মন্ত্ৰী গৰাকীয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়ো পৰিদৰ্শন কৰে । বৈঠকত মৰিগাঁও আৰু জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়কদ্বয়, মৰিগাঁও জিলাৰ উপায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্ত সকল, জিলা আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া সকল, স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ লগতে উচ্চ পৰ্যায়ৰ বিষয়া সকল উপস্থিত থকে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ শাসনভাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ক'ভিডৰ জটিল পৰিস্থিতি পৰ্যালোচনাৰ বাবে নতুন মন্ত্ৰীসকলক জিলাসমূহ ভগাই দিছে । সেই অনুসৰি, মন্ত্ৰী পীযুষ হাজৰিকাক মৰিগাঁও আৰু গোৱালপাৰাৰ জিলাৰ দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক: ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ ডিফুত উপস্থিত মন্ত্ৰী যোগেন মহন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.