ETV Bharat / state

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া

নিৰ্বাচন আয়োগৰ সিদ্ধান্তমৰ্মে আমি এতিয়া নিৰ্বাচন খেলিবলৈ বাধ্য বুলি প্ৰকাশ কৰে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচন আয়োগে আমাৰ আহ্বান নামানিলে বুলিও আক্ষেপ প্ৰকাশ কৰে জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকাই ৷

piyush-hazrikas-reaction-on-tiwa-autonomus-council-election
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা
author img

By

Published : Nov 19, 2020, 8:47 AM IST

Updated : Nov 19, 2020, 11:47 AM IST

মৰিগাঁও, 19 নৱেম্বৰ: তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ তালিকাত নথকা 124 খন তিৱা অধ্যুষিত গাঁৱক তিৱা স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভূক্ত কৰাৰ পাছতহে নিৰ্বাচনী আয়োগক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিলো বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই ৷ কিন্তু নিৰ্বাচন আয়োগ আৰু চৰকাৰ দুটা পৃথক বিষয় বুলি উল্লেখ কৰি, নিৰ্বাচন আয়োগৰ সিদ্ধান্তমৰ্মে এতিয়া নিৰ্বাচন খেলিবলৈ বাধ্য বুলি প্ৰকাশ কৰে জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

উল্লেখ্য যে, ৰাজ্যিক নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমুখ সমৰত নামিবলৈ সাজু হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষ ৷ 17 ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে 25 নৱেম্বৰ ৷ পৰিষদখনৰ অন্তৰ্গত 36 টা সমষ্টিৰ 30 টাই হৈছে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ অন্তৰ্ভূক্ত । বাকী 6 টা সমষ্টি কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত ।

লগতে পঢ়কঃ বন বিভাগৰ পৃষ্ঠপোষকতাত ধুবুৰীত বন ধ্বংস অব্যাহত !

Last Updated : Nov 19, 2020, 11:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.