ETV Bharat / state

কিয় খঙ উঠিল মন্ত্ৰী পীযূষ হাজৰিকাৰ

author img

By

Published : Jul 12, 2019, 6:58 PM IST

জাগীৰোডৰ ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত হঠাৎ উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা। দুজন চিকিৎসকক বৰ্খাস্ত ।

স্বাস্থ্য কেন্দ্ৰত উপস্থিত পীযূষ হাজৰিকা

জাগীৰোড,১২ জুলাই : নিজা সমষ্টি জাগীৰোডৰ ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শুকুৰবাৰে হঠাৎ উপস্থিত হ'ল মন্ত্ৰী পীযূষ হাজৰিকা। চিকিৎসালয়ত উপস্থিত হৈয়ে ছয়গৰাকী চিকিৎসকৰ এগৰাকীহে উপস্থিত থকাত খঙত অগ্নিশৰ্মা হৈ পৰিল মন্ত্ৰীগৰাকী ৷ কৰ্তব্যত গাফিলতি আৰু অনিয়মীয়া উপস্থিতিৰ বাবে চিকিৎসক দুলুমনি বৰা আৰু নিশামনি মালিক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰে মন্ত্ৰী হাজৰিকাই। আনহাতে,মন্ত্ৰীগৰাকীৰ অভিযান কালতে কেইবাগৰাকীও চিকিৎসকে সপ্তাহৰ ৪ দিনেই উপস্থিত নথকাৰ তথ্যও পোহৰলৈ আহিছে।

স্বাস্থ্য কেন্দ্ৰত উপস্থিত পীযূষ হাজৰিকা

এই অভিযানৰ পাছতে সকলো স্বাস্থ্যকৰ্মীক নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় পীযূষ হাজৰিকাই ৷ অন্যথা যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে সাজু থাকিবলৈও সকীয়াই দিয়ে তেওঁ ৷

Intro:নিজ সমষ্টিত চাদেন ভিজিত মন্ত্ৰী পিয়ূষ হাজৰিকাৰ
ঝাৰগাও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আকস্মিক অভিযান মন্ত্ৰী পীযূষৰ ।Body:

Anchor_মন্ত্ৰী পীযুষ হাজৰিকাৰ নিজা সমষ্টিত চাডেন ভিজিট ৷ ঝাৰগাঁ‌ও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আকস্মিক অভিযান মন্ত্ৰী পীযূষৰ । চিকিৎসকৰ অনিয়মীয়া উপস্থিতিত ক্ষোভিত হৈ দুগৰাকী চিকিৎসকক বৰ্খাস্ত কৰে মন্ত্ৰী গৰাকীয়ে ৷
VO_সৰিয়ঁহৰ ডুলিতে ভুত ৷ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত অনুপস্থিত চিকিৎসক ৷ চিকিৎসকৰ অনুপস্থিতিত উগ্ৰমূৰ্তী পীযূষ হাজৰিকাৰ ৷ দুগৰাকী চিকিৎসকক তৎকালীনভাৱে বৰ্খাস্ত ৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফুপোলা স্বৰূপ উদঙালে খোদ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে ৷ নিজা সমষ্টি জাগীৰোডৰ ঝাৰগাওঁ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শুক্ৰবাৰে হঠাৎ উপস্থিত হয় মন্ত্ৰী পীযূষ হাজৰিকা ৷ চিকিৎসালয়ত উপস্থিত হৈয়ে খঙত অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰী গৰাকী ৷ ৬ গৰাকী চিকিৎসকৰ ভিতৰত মাত্ৰ এগৰাকী চিকিৎসক উপস্থিত থকাত ক্ষোভিত হোৱাৰ লগতে কৰ্মত গাফিলতিৰ বাবে বৰ্খাস্ত কৰে দুগৰাকী চিকিৎসকক ৷ অনিয়মীয়া উপস্থিতিৰ বাবে চিকিৎসক দুলুমনি বৰা আৰু নিশামনি মালিক তাৎক্ষনিক ভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰে ৷ আনহাতে কেইবাগৰাকী চিকিৎসকে সপ্তাহৰ ৪ দিনেই উপস্থিত নথকাৰ তথ্য পোহৰলৈ আহে মন্ত্ৰীগৰাকীৰ অভিযান কালত ৷ এই অভিযানৰ জৰিয়তে সকলো স্বাস্থকৰ্মীক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ৷ অন্যথা যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে সাজু থাকিবলৈ সকিয়াই দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই ৷

Byte_পীযূষ হাজৰিকা

Camera.... Dhananjoy
Reporter.... Champak Deka . Jagiroad .Conclusion:কৰ্মত গাফিলতিৰ বাবে বৰ্খাস্ত কৰে দুগৰাকী চিকিৎসকক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.