মৰিগাঁও, 9 ছেপ্তেম্বৰ: আধাৰ কাৰ্ডৰ নামৰ হাহাকাৰ কৰিবলগীয়া একাংশ মৰিগাঁওবাসীয়ে ৷ পুৱতি নিশাৰে পৰা মৰিগাঁৱৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে ৰাইজৰ লানি নিছিগা সোঁত ৷ পুৱাৰ ভাগত আহিলে শাৰীত ঠিয় হ'বলৈ নোপোৱাৰ বাবে নিশাই আহি সাধাৰণ ৰাইজ উপস্থিত হয় কৃষি বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৷ তথাপিও বিমুখ হৈ যাবলগীয়া হৈছে বহু লোক ৷ এই অভিযোগ উত্থাপন কৰিছে স্বয়ং ভুক্তভোগী ৰাইজে ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰ এটা পোৱাৰ আশাৰে প্ৰতিদিনেই শতাধিক ৰাইজে আধাৰ কাৰ্ড বনোৱাৰ নামৰ কাৰ্যালয়ৰ সন্মুখত হেতা-ওপৰা লগায় ৷ আধাৰ কাৰ্ড থাকিলেহে তেওঁলোকে পাব প্ৰধানমন্ত্ৰীৰ আবাস যোজনা ঘৰ কিম্বা অৰুণোদয় আঁচনিৰ ধন ৷ এইসমূহ আঁচনিৰ বাবে আধাৰ কাৰ্ড সংগ্ৰহ কৰাৰ নামত ৰাইজৰ ভিৰে ভংগ কৰিছে COVID ৰ বাবে জাৰি কৰা নীতি ৷ কোনোজনে মাস্ক পৰিধান কৰিছে যদিও মানি চলা নাই সামাজিক দূৰত্ব ৷ কোনোজনে আকৌ মাস্ক পৰিধান নকৰাকৈয়ে ঠিয় দিলে লানি নিছিগা লোকৰ শাৰীত ৷ মুঠতে COVID প্ৰট'কল ভংগ কৰি হ'লেও ৰাইজে অব্যাহত ৰাখিছে আধাৰ কাৰ্ড সংগ্ৰহ কৰাৰ অঘোষিত এখন প্ৰতিযোগিতা ৷
লগতে পঢ়ক: অখিল গগৈৰ আহ্বানৰ পিচতেই আলোচনাত মিলিত হ’ল 70 সংগঠনৰ নেতৃত্ব