ETV Bharat / state

লাহৰীঘাটবাসীৰ কাষত নৱ নিৰ্বাচিত বিধায়ক ডাঃ আচিফ নাজাৰ

author img

By

Published : May 5, 2021, 11:18 AM IST

মঙলবাৰে লাহৰীঘাট বিধানসভা সমষ্টি পৰিদৰ্শন কৰে সমষ্টিটোৰ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী ডাঃ আচিফ নাজাৰে ৷ সমষ্টিবাসীক ধন্যবাদ জনায় নৱ নিৰ্বাচিত প্ৰাৰ্থীগৰাকীয়ে ৷

new-mla-asif-nazar-visited-to-lahorighat
নৱ নিৰ্বাচিত বিধায়ক ডাঃ আচিফ নাজাৰ

মৰিগাঁও, 5 মে’: সদ্যঘোষিত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত 81 নং লাহৰীঘাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আচিফ নাজাৰে 2,057 টা ভোটত পৰাজিত কৰে নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদক ৷ বিজয়ী হৈ প্ৰথমবাৰৰ বাবে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে মঙলবাৰে সমষ্টিবাসীক কাষত ঠিয় দিয়ে বিজয়ী প্ৰাৰ্থী ডাঃ আচিফ নাজাৰে ৷

মন কৰিবলগীয়া যে, জ্যেষ্ঠ কংগ্ৰেছী নেতা ডাঃ নজৰুল ইছলামৰ দীৰ্ঘকালীন শাসনৰ বাবে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত প্ৰতিষ্ঠান বিৰোধী ঢৌ বাৰুকৈয়ে বলিছিল । কিন্তু তথাপিও অক্ষুন্ন থাকে কংগ্ৰেছ দুৰ্গৰূপে লাহৰীঘাটৰ গৌৰৱ । কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আচিফ নাজাৰে 60,773 টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদে লাভ কৰে 58,716 টা ভোট ৷

লগতে পঢ়ক : কৰিমগঞ্জত মুছলমান যুৱকে সৎকাৰ কৰিলে হিন্দু লোকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.