মৰিগাঁও, 16 এপ্ৰিল : আজি গোঁসাই বিহু ৷ দেওবাৰে গোঁসাই বিহুৰ উপলক্ষে মৰিগাঁও ফুলবাৰীবাসী ৰাইজ তথা ফুলবাৰী বিহু সন্মিলনীৰ উদ্যোগত বিগত বছৰসমূহৰ লেখীয়াকৈ এদিনীয়া বিস্তৃত কাৰ্যসূচীয়ে অনুষ্ঠিত কৰা হৈছে ত্ৰয়োদশ বসন্তোৎসৱ (Mukoli bihu held in Morigaon fulbari)। ইয়াৰ অংশ স্বৰূপে পুৱা 9 বজাত ফুলবাৰী বিহু সন্মিলনীৰ সভাপতি মাধৱ শৰ্মাই পতাকা উত্তোলন আৰু কাৰ্যকৰী সভাপতি ভূৱনেশ্বৰ মহন্তই বন্তি প্ৰজ্বলন কৰে ।
তাৰ পাচত প্ৰায় 10:30 বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ এই মুকলি বিহুৰ অংশস্বৰূপে বিয়লি ভাগত ফুলবাৰী বিহু সন্মিলনীয়ে সমূহীয়াকৈ বিহু সেৱা প্ৰদান কৰে ক্ৰমে, ডাঃ ৰবিন হাজৰিকা, লক্ষ্মীৰাণী শ্বাহা আৰু দুলুৰাণী বৰাক ৷
আনহাতে, বিয়লি প্ৰায় 4 বজাত মুকলি বিহু উদ্বোধন কৰে মৰিগাঁৱৰ সুযোগ্য সন্তান তথা সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই । উদ্বোধক উৎপল কুমাৰ শৰ্মাই উদ্বোধনী ভাষণত কয়, ‘‘বিহুৱে অসমীয়া জাতীয় জীৱনলৈ গ্ৰাম্য অৰ্থনৈতিক দিশটো শক্তিশালী কৰে । বিহুক চহা জীৱনৰ উৎসৱ বুলি কোৱা হয়’’ ৷ লগতে তেওঁ অনাগত সময়ত ফুলবাৰী সমাজখনেও ছাত্ৰ সন্থাক দিহা পৰামৰ্শ দি থাকিব বুলি উল্লেখ কৰে ৷
আনহাতে, এই মুকলি বিহুৰ অনুষ্ঠানতে ফুলবাৰীৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকল সম্ভাষণো জনোৱা হয় । ইফালে ভাষণ প্ৰসংগত মৰিগাঁও জিলা মিডিয়া ক্লাৱৰ সভাপতি তথা মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাই একালত নিষিদ্ধ বিহুৱে আজি গীনিজ বুকত স্থান পাবলৈ সক্ষম হোৱাটো অসমীয়া চহা জীৱনৰ লোক গাঁথাক কাললৈ উজ্জীৱিত কৰি ৰাখিব বুলি মন্তব্য কৰে (Rangali Bihu of Assam) ৷
মৰিগাঁৱৰ এই মুকলি বিহু কাৰ্যসূচীৰ আঁতধৰে জ্যেষ্ঠ বিহুৱা পৱন সিনহা, মৃণাল হাজৰিকা, নিৰোদ কুমাৰ বৰাকে ধৰি প্ৰায় সকলো উদ্যোক্তাই । স্থানীয় বিহুৱতীসকলৰ দ্বাৰা মুকলি বিহু পৰিৱেশনৰ শুভাৰম্ভ কৰাৰ পিচতে ৰাজ্যৰ কেবাটাও আগশাৰী বিহুদলে মুকলি বিহু প্ৰদৰ্শন কৰে । য’ত অঞ্চলৰ বহু ৰাইজ উপস্থিত থাকে ৷
লগতে পঢ়ক : Rangali Bihu of Assam : ব’হাগতেই আছে চহা জীৱনৰ প্ৰাণ