ETV Bharat / state

MP Pradyut Bordoloi: ক্ষুদ্ৰ নৰমনিচে উঘালিব নোৱাৰে পাতাললৈকে থকা কংগ্ৰেছৰ শিপা; প্ৰদ্যুৎ বৰদলৈ

মন্ত্ৰী পীযুষক ওভতি ধৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ ‘‘কোনো শক্তিয়ে কংগ্ৰেছক শেষ কৰিব নোৱাৰে ৷ কংগ্ৰেছৰ শিপা পাতাললৈ শিপাই আছে’’ এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 2:02 PM IST

Updated : Sep 26, 2023, 4:22 PM IST

MP Pradyut Bordoloi
মন্ত্ৰী পীযুষক তপত ভাতৰ ধোঁৱাই খাইছে নেকি

মৰিগাঁও, 26 ছেপ্টেম্বৰ: কোনে কাক কেতিয়া শেষ কৰিব ! সেয়া সময়ে ক’ব ৷ কিন্তু ৰাজনৈতিক নেতাসকলৰ মাজত কংগ্ৰছে মুক্ত বা বিজেপি মুক্তৰ প্ৰসংগ সঘনাই চৰ্চা চলিছে ৷ বিশেষকৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ মুক্ত বা বিজেপি মুক্ত কথা চলে ৷ সেয়ে অলপ চেষ্টা কৰিলে কংগ্ৰেছ মুক্ত কৰিব পৰা হ’ব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই কোৱা মন্তব্যক ওভতি ধৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

সোমবাৰে জাগীৰোডত সাংসদ প্ৰদ্যুত বৰদলৈ উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কয়, ‘‘বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰীকা এসময়ত কংগ্ৰেছৰ দলৰে আছিল ৷ সেই কথা তেওঁ কিয় পাহৰিছে ৷ তেওঁ পিতৃ কংগ্ৰেছত আছিল ৷ এসময়ত যুৱ কংগ্ৰেছ কৰি ৰাজনীতিলৈ আহিল ৷ যেতিয়া অহংকাৰী হৈ থাকে বা গৰম ভাতৰ ধোঁৱাই খোৱা বুলি কয় তেতিয়া এনেধৰণৰ কথা কয় ৷ ইমান ডাঙৰ অহংকাৰী কথা ক’ব নাপায় ৷ কোনো শক্তিয়ে কংগ্ৰেছ দলক শেষ কৰিব নোৱাৰে ৷’’

সাংসদ বৰদলৈয়ে লগতে কয়, ‘‘ভাৰতবৰ্ষৰ এনেকুৱা এখন গাঁও নাই য’ত কংগ্ৰেছৰ এজন নিষ্ঠাবান কৰ্মী নাই ৷ সেয়ে কংগ্ৰেছৰ শিপা পাতাললৈকে শিপাই আছে ৷ গতিকে ক্ষুদ্ৰ নৰমনিচ এজনে কংগ্ৰেছক কেতিয়াও উচ্ছন্ন কৰিব নোৱাৰে ৷ কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কৈ এতিয়া কংগ্ৰেছৰ আতংকত ভুগিছে তেওঁলোক ৷ মানুহ যেতিয়া খুব বেছি অহংকাৰী হয়, যেতিয়া ক্ষমতাৰ মতগৰ্ব্বী হৈ থাকে, তেতিয়াই এনেধৰণৰ কথা মুখত ওলায় ৷’’

সোমবাৰে জাগীৰোডৰ গোপালকৃষ্ণ চাহ বাগিচাত আয়োজন কৰা চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ কৰম পৰবত উপস্থিত থাকি এই মন্তব্য কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷

লগতে পঢ়ক:Conflict between the Evicted char residents: উৎপাদিত মৰাপাট খেতি কাটি আনিবলৈ উচ্ছেদিত চৰবাসীৰ মাজত অৰিয়াঅৰি

Last Updated : Sep 26, 2023, 4:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.