মৰিগাঁও, 28 ছেপ্টেম্বৰঃ মৰিগাঁৱত বিশ্ব জলাতংক দিৱস উপলক্ষে সজাগতা সভা আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ মৰিগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সহযোগত অনুষ্ঠিত হয় বিশ্ব জলাতংক দিৱস ৷ মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱসৰ আত ধৰে মৰিগাঁও জিলা ৰাজ্যিক পশু চিকিৎসক ডাঃ নীলোৎপল কাকতিয়ে ৷ জিলা উপায়ুক্ত ঋতুৰাজ বৰাই উদ্ধোধন কৰা সভাখনত জলাতংক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে ঘৰুৱা বা অচিনাকী কুকুৰে কামুৰিলেই তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লৈ নিয়মীয়া প্ৰতিষেধক লোৱাটো অতি দৰকাৰী ৷
উল্লেখযোগ্য যে এই সজাগতা সভাতে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অৰুণ নাথে জলাতংকৰ এই ৰোগৰ লক্ষণ আৰু চিকিৎসা পদ্ধতিৰ সন্দৰ্ভত এক বস্তুনিষ্ঠ আলোচনা দাঙি ধৰে ৷ আনহাতে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই সামৰণি অনুষ্ঠানত এই দিৱসৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যক সমাজৰ বিভিন্ন লোকৰ মাজলৈ প্ৰেৰণ কৰাৰ বাবে আহ্বান জনায় ৷ বিশ্বৰ অন্যান্য উন্নত দেশৰ দৰে আমাৰ দেশতো সকলো পশুকে প্ৰতিষেধক কাৰ্ড দিয়াৰ ব্যৱস্থা চলি আছে বুলি উল্লেখ কৰে আহ্বায়ক তথা পশু চিকিৎসক ডাঃ নীলোৎপল কাকতিয়ে ৷
উক্ত কাৰ্যসূচীত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক খগেন মহন্ত,জিলা সাংবাদিক সন্থাৰ সকলো বিষয়ববীয়া আৰু মৰিগাঁও জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল উপস্থিত থাকে ৷